নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুখা পজাৰ পৰা সুখ্যাতি অৰ্জন কৰিলে মাজুলী মলং গাঁৱৰ পাঁচ ছাত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ৭ জুনঃ দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে৷ আৰ্থিক দীনতাকো নেওচি কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে লৈ সু-খ্যাতি অৰ্জন কৰি তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ প্ৰিয়ংকা মেধী, অনামিকা শইকীয়া, বন্দিতা বৰা, ৰিপিকা বৰা আৰু ৰুবী বৰাই৷ আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলী জিলাৰ চেৰেপাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত মলং গাঁৱৰ তিনিওগৰাকী মেধাবী ছাত্ৰীয়ে লেটাৰ সহ প্ৰথম স্থান অধিকাৰ কৰাত গাওঁখনত সৃষ্টি হৈছে এক উছৱমুখৰ পৰিৱেশ৷

উল্লেখ্য যে অতি দৰিদ্ৰ সুৰেন্দ্ৰ মেধী আৰু নমিতা মেধীৰ কন্যা প্ৰিয়ংকা মেধীয়ে ইংৰাজীত ৬৩, অসমীয়াত ৬৭, সাধাৰণ গণিতত ৯১, সাধাৰণ বিজ্ঞানত ৭৮, সমাজ বিজ্ঞানত ৭২ আৰু ঐছিক গণিতত ৯৬ নম্বৰ সহ ষ্টাৰ নম্বৰ অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে গাওঁখনৰে আন এটা দৰিদ্ৰ পৰিয়ালৰ পৰা প্ৰথম স্থান অধিকাৰ কৰিলে ৰুবী বৰাই৷ নিপেন বৰা আৰু চিনু বৰাৰ কন্যা ৰুবীয়ে ইংৰাজীত ৬৫, অসমীয়াত ৭২, সাধাৰণ গণিতত ৫৭, সাধাৰণ বিজ্ঞানত ৫৪, সমাজ বিজ্ঞানত ৭৫ আৰু সংস্কৃতত ৮৩ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া কৃষ্ণ বৰা আৰু ৰঞ্জু বৰাৰ কন্যা বন্দিতা বৰায়ো ইংৰাজীত ৫৯, অসমীয়াত ৬০, সাধাৰণ গণিতত ৬৬, সাধাৰণ বিজ্ঞানত ৬৬ সমাজ বিজ্ঞানত ৭২ আৰু সংস্কৃতত ৮৩ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰে৷

অন্যহাতে প্ৰশান্ত শইকীয়া আৰু জোনমণি শইকীয়াৰ কন্যা অনামিকা শইকীয়াই ইংৰাজীত ৫৪, অসমীয়াত ৫৯, সাধাৰণ গণিতত ৭২, সাধাৰণ বিজ্ঞানত ৪৯, সমাজ বিজ্ঞানত ৬৮ আৰু হিন্দীত ৫৯ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে দীপ বৰা আৰু দীপা বৰাৰ কন্যা ৰিপিকা বৰাই ইংৰাজীত ৬২, অসমীয়াত ৪৭, সাধাৰণ গণিতত ৬৭, সাধাৰণ বিজ্ঞানত ৪৯, সমাজ বিজ্ঞানত ৫৩ আৰু সংস্কৃতত ৮৩ নম্বৰ লাভেৰে প্ৰথম স্থান দখল কৰি গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ পৰীক্ষাত সফল হৈয়ো দুচকুত অযুত সপোন লৈ ফুৰা পাচোঁগৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰীয়ে যেন উচ্চ শিক্ষা গ্ৰহণত এতিয়া থমকি ৰ’ব লগা হৈছে৷ দিন হাজিৰা আৰু বেপাৰ-বাণিজ্য কৰি পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃক সন্তানৰ সফলতাই যদি এফালে আনন্দ দিছে আনফালে আৰ্থিক দীনতাই চকুলো বোৱাইছে৷

You might also like