নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰম্পৰা ৰক্ষাঃ বিল্বেশ্বৰ দেৱালয়ত একোটাকৈ হাঁহ–ছাগলী এযোৰ পাৰ বলি

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ক’ৰোনাজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জাকজমকতা পৰিহাৰ কৰি সম্পূর্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে নলবাৰী জিলাতো বৃহস্পতিবাৰে সম্পন্ন কৰা হয় ষষ্ঠীৰ যথাবিহিত পূজা৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সেমেকা শাৰদৰ লগতে কিনকিনীয়া বৰষুণৰ মাজতে কালি মহাসপ্তমীৰ পূজা–র্চনা চলাৰ উপৰি বেলশৰৰ ইতিহাসপ্রসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত সীমিত বলি–বিধানেৰে চলে মহাসপ্তমী পূজা৷

ক’ভিড প্রট’কলৰ বাবে বিল্বেশ্বৰ দেৱালয়ত ৰাজহুৱা বলি–বিধান বন্ধ কৰা হৈছে৷ দুর্গোৎসৱৰ সময়ত প্রতিবাৰেই ৰঙীন আলোকসজ্জাৰে জিলিকি উঠা দেৱালয়ৰ পূজাৰ লগতে জিলাখনৰ আন আন পূজাখলাত এইবাৰ নাই পোহৰৰ খেলা৷ নাই ভ্রাম্যমাণ থিয়েটাৰ৷ পূজাথলীসমূহত একপ্রকাৰ নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে৷ অৱশ্যে প্রান্তে প্রান্তে সৃষ্টি হৈছে আধ্যাত্মিক পৰিৱেশ৷ চমৎকাৰ আলোকসজ্জা, ৰং–বিৰঙী আলোকৰ মায়াজালে পূজাথলীসমূহক জাতিষ্কাৰ নকৰিলেও পালিত হৈছে বৈদিক সকলো নীতি–নিয়ম৷ ঢ়াক–ঢ়োল, শংখ–ঘণ্টা, আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্রধ্বনি, মংগলধ্বনি, সমন্বয়ৰ জয়ধ্বনি আৰু ভক্তৰ দেৱী বন্দনাৰ মাজত কালি সন্ধিয়া ষষ্ঠীৰ বেদীত প্রতিষ্ঠিত হয় শক্তিৰূপিনী দেৱী দশভুজা৷ ম্লান পৰিৱেশৰ মাজতেই পৰম্পৰা ৰক্ষা কৰি অসূয়া–প্রীতি নাশৰ প্রার্থনাৰে ভক্তই মূৰ দোঁৱাইছে দেশভুজাৰ শ্রীচৰণত৷ অতীজৰে পৰা ৰাজকীয় পৃষ্ঠপোষকতাত চলি অহা বিল্বেশ্বৰ দেৱালয়ৰ শাৰদীয় দুর্গোৎসৱৰ সময়ত অজস্র জীৱ বলি দি অহা হৈছে৷ শাক্ত, শৈৱ, বৈষ্ণৱ এই তিনিওটা পদ্ধতিৰ প্রভাৱ থকা দেৱালয়খনত কালিকা পুৰাণ অনুসৰিয়েই বলি–বিধান চলি আহিছে৷ কালিকা পুৰাণৰ লগতে মহানির্বাণ তন্ত্রত হাতী, ঘোঁৰাৰ বলি আৰু ঋগ্বেদত অগ্ণিত মাংস আহুতি দিয়াৰ কথা উল্লেখ আছে৷ এই দেৱালয়ত পাল বংশৰ দুর্লভ নাৰায়ণ, বলি নাৰায়ণ আদি ৰজাই পূজা–র্চনা, বলি–বিধান আদি কার্যত অংশগ্রহণ কৰিছিল বুলি জনা যায়৷

উল্লেখ্য যে মহাসপ্তমী পূজাত দেৱালয়খনত সহস্রাধিক হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি বলি দি অহাৰ লগতে মহানৱমী পূজাৰ দিনা ৩০–৫০টাৰো অধিক ম’হ দেশৰ ভিন্ন প্রান্তৰ ভক্তই বলিৰ বাবে দেৱীৰ ওচৰত আগবঢ়াই আহিছে৷ মহানৱমী পূজাৰ বলিৰ দৃশ্য উপভোগ কৰিবলৈ লক্ষাধিক ভক্ত–দর্শনার্থী ভিৰ কৰিছিল দেৱালয়খনত৷ এইবাৰ নহ’ব তেনে পৰিৱেশ৷ কালি মহাসপ্তমী পূজাৰ দিনা যিদৰে একোটাকৈ হাঁহ, ছাগলী, কোমোৰা, এযোৰ পাৰ দেৱীৰ ওচৰত বলি দিয়া হয়, ঠিক সেইদৰে মহানৱমী পূজাৰ দিনাও এটা ম’হ বলি দিয়া হ’ব৷ সমগ্র ৰাইজৰ মংগলৰ হকে পূজা কমিটীয়ে এই বলি–বিধানৰ বাবে আগবাঢ়িছে৷

You might also like