নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাষ্টমী; ক’ৰোনাই সলালে পূজাথলীৰ মাদকতা

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে পৰিৱর্তন ঘটাইছে স্বাভাৱিক জীৱন–জীৱিকাৰ৷ মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলাটো হৈ পৰিছে দৈনন্দিন জীৱনৰ অভিন্ন অংগ৷ বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ৰোনা মহামাৰীয়ে এইবাৰ সলনি কৰিলে শাৰদীয় দুর্গোৎসৱৰ পূজাথলীসমূহৰ চেহেৰাও৷ ৰঙীন আলোকসজ্জা, আকর্ষণীয় মণ্ডপ, ভক্তৰ ব্যাপক আগমনৰ দলদোপ–হেন্দোলদোপ হৈ থকা পূজাথলীসমূহত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ৷

অৱশ্যে ক’ভিডসৃষ্ট পৰিস্থিতিয়ে পূজা উদ্যাপন সেমেকাই তুলিলেও পৰম্পৰাগতভাৱেই ভক্তগণে ৰাজ্যজুৰি অব্যাহত ৰাখিছে শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গাৰ পূজা–র্চনা৷ জনসমাগমহীন পূজা মণ্ডপতে বৈদিক ৰীতি–নীতিৰে আধ্যাত্মিক পৰিৱেশত সম্পন্ন কৰা হৈছে মহিষমর্দিনীৰ আৰাধনা৷ অকাল বোধনৰ মাজেৰে দোলাত উঠি মর্ত্যলৈ নামি অহা দেৱী দুর্গাৰ চৰণত কালি অর্পণ কৰা হয় মহাসপ্তমী পূজা৷ সপ্তমাদি কল্পাৰম্ভৰ লগে লগে সপ্তমীবিহিত পূজা আগবঢ়োৱা হয়৷ নিশা ১০ বাজি ৪৩ মিনিট ৩০ ছেকেণ্ডৰ পৰা ১১ বাজি ৪১ মিনিট ৩০ ছেকেণ্ডৰ ভিতৰত দশভুজাৰ অর্ধৰাত্রি বিহিত পূজা সম্পন্ন কৰা হয়৷ ভক্তসকলে দেৱী দুর্গাৰ শ্রীচৰণত ধূপ–ধূনা–নৈবেদ্য আগবঢ়াই অশিস লয়৷ অশুভ শক্তিক নাশ কৰি শুভ সময় আগমনৰ আৱাহনেৰে ভক্তসকলে প্রার্থনা জনায়৷ সপ্তমীৰ যথাবিহিত পূজাৰ লগতে দেৱালয়সমূহত সীমিত বলি–বিধানেৰে সম্পন্ন হয় পূজা–র্চনা৷ শক্তিপীঠ কামাখ্যা ধামত পৰম্পৰাগতভাৱে শ্রীশ্রীদুর্গাদেৱীৰ চৰণত পূজা আগবঢ়োৱা হয়৷ কুমাৰী পূজাৰ লগতে কামাখ্যা দেৱালয়ৰ তৰফৰ পৰা ম’হ বলি দিয়ে৷ সেইদৰে উগ্রতাৰা দেৱালয়তো কালি সম্পন্ন হয় পঞ্চবলি৷

আজি পঞ্চবলিৰ লগতে মহানৱমীত ম’হ বলি দিয়া হ’ব উগ্রতাৰা দেৱালয়ত৷ ইপিনে, সেমেকা–উছাহহীন পৰিৱেশৰ মাজেৰে আজি পালন কৰা হ’ব মহাষ্টমী৷ দিনৰ ৯ বাজি ২৬ মিনিট ৪০ ছেকেণ্ড আৰু ৯ বাজি ১৩ মিনিট ৫১ ছেকেণ্ডৰ ভিতৰত পূর্বাহ্ণ সময়ৰ ভিতৰত শ্রীশ্রীশাৰদীয় দুর্গাদেৱীৰ মহাষ্টমী কল্পাৰম্ভ, কেৱল মহাষ্টমী কল্পাৰম্ভ আৰু মহাষ্টমী বিহিত পূজা প্রশস্ত৷ দিনৰ ১০ বাজি ৪৭ মিনিট ২৩ ছেকেণ্ড যোৱাত সন্ধি পূজাৰম্ভ আৰু ১১ বাজি ১১ মিনিট ২৪ ছেকেণ্ড যোৱাত বলিদান পর্ব আৰম্ভ হ’ব৷ দিনৰ ২ বাজি ৩৫ মিনিট ২৪ ছেকেণ্ড যোৱাত সন্ধিপূজা সম্পন্ন হ’ব৷ আজি মহাগৌৰীৰ ৰূপত পূজা–র্চনা কৰা হ’ব দেৱী দুর্গাক৷ মহাষ্টমীৰ পাছত মহানৱমীৰ দিনা সিদ্ধিদাত্রীৰ ৰূপত মহিষমর্দিনীক পূজা–র্চনা কৰা হ’ব৷ তাৰ পিছদিনা অর্থাৎ দশমীৰ দিনা হাতীত উঠি দশভুজাই ধৰাৰ বুকুৰ পৰা ইন্দ্রলোকলৈ গতি কৰিব৷ বিমর্ষ মনেৰে ভক্তসকলে নৈ, জলাশয়ত বিসর্জন দিব মা দুর্গাৰ মূর্তি৷ লগে লগে অন্ত পৰিব শাৰদীয় দুর্গোৎসৱৰ৷ কাইলৈ মহাষ্টমী উপলক্ষেও বলি–বিধানেৰে সম্পন্ন কৰা হ’ব মহাগৌৰীৰ পূজা৷ উল্লেখ্য যে শাৰদীয় দুর্গোৎসৱত উছাহ–উদ্দীপনা এইবাৰ ক’ৰোনাৰ বাবে ম্লান পৰা পৰিলক্ষিত হৈছে৷ সাধাৰণতে সপ্তমীৰ দিনটোৰ পৰাই সুন্দৰ সাজোন–কাচোন কৰি ভক্তসকলে পূজা উপভোগ কৰিবলৈ ওলাই আহে৷ বন্ধু–বান্ধৱ তথা আপোনজনৰ সৈতে মণ্ডপে মণ্ডপে পূজা উপভোগ কৰাৰ লগতে ৰেষ্টুৰেণ্টসমূহত নিশাৰ আহাৰ গ্রহণ কৰে লোকসলে৷ কিন্তু এইবাৰ সপ্তমীৰ সন্ধিয়াও কার্যতঃ উকা হৈ ৰ’ল পূজা মণ্ডপসমূহ৷ দিনৰ ভাগতে একাংশ ভক্তই দেৱীৰ শ্রীচৰণত পূজা–র্চনা আগবঢ়ায়৷ পূজাথলীসমূহৰ লগতে দেৱালয়সমূহত স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি–নির্দেশনাসমূহ কঠোৰভাৱে মানি চলা পৰিলক্ষিত হৈছে৷ মণ্ডপত সমাগম নিয়ন্ত্রণ কৰা হৈছে৷ প্রতিখন পূজা মণ্ডপতে মাস্ক পৰিধান কৰিহে ভক্তসকলে প্রৱেশ কৰিছে৷ সেইদৰে পূজাৰ অঞ্জলি লোৱাৰ পূর্বে ভক্তসকলৰ বাবে উপলব্ধ কৰা হৈছে ছেনিটাইজাৰ অথবা হাত ধোৱাৰ সা–সুবিধা৷ প্রায়সংখ্যক পূজাথলীতে থার্মেল স্কেনাৰেৰে জোখা হৈছে ভক্তৰ শৰীৰৰ উত্তাপ৷ শিলচৰত অনলাইযোগে ভক্তক অঞ্জলি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ জনসমাগম ৰোধ কৰাৰ বাবে শিলচৰৰ এই পূজা কমিটীখনে এই ব্যৱস্থা গ্রহণ কৰিছে৷ ভক্তসকলে ম’বাইলৰ জৰিয়তে ভিডিঅ’ কলেৰে মা দুর্গাৰ দর্শন আৰু অঞ্জলি প্রদানৰ সুবিধা গ্রহণ কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পূজাৰ সময়ত দুর্গা পূজাথলীসমূহত সুস্বাদু জিলাপিকে ধৰি বিভিন্ন মিঠাই, খেলনা সামগ্রী, পুতলা আদিৰ দোকানেৰে ভৰি থাকে৷ এইবাৰ তেনে দৃশ্য পৰিলক্ষিত হোৱা নাই৷ পূজাথলীসমূহত নাই মিঠাইৰ দোকান–খেলনা সামগ্রীৰ বিপণী৷ সমান্তৰালভাৱে প্রতিকূল বতৰেও পূজা–র্চনাৰ ক্ষেত্রত ভক্তৰ আগমনত আউল লগাইছে৷

You might also like