নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট শিক্ষাবিদ–অধ্যাপিকা ড০ নিৰু হাজৰিকাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ অসম তথা উত্তৰ–পূব ভাৰতৰ বিদ্যায়তনিক ক্ষেত্রখনলৈ অপৰিসীম অৱদান আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপিকা ড০ নিৰু হাজৰিকাৰ দেওবাৰে বিয়োগ ঘটে৷ ক’ভিডত আক্রান্ত হোৱা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে দেওবাৰে পুৱতিনিশা ৩.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ৷

তেওঁৰ বিয়োগৰ লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ পৰা আৰম্ভ কৰি নিজৰ তত্ত্বাৱধানত ৫০গৰাকীতকৈ অধিক গৱেষক ছাত্রক ডক্টৰেট ডিগ্রী প্রদান কৰালৈকে এক বর্ণিল শৈক্ষিক পৰিক্রমাৰ অৱসান ঘটিল৷ যোৱা ২১ জুলাইত ক’ভিডত আক্রান্ত হোৱাৰ পাছত ড০ হাজৰিকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ দেওবাৰে তেওঁৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে শৈক্ষিক ক্ষেত্রখনৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলক শোকস্তব্ধ কৰি তোলে৷

উল্লেখ্য যে ১৯৪৯ চনৰ ১৩ জানুৱাৰীত যোৰহাটত জন্মগ্রহণ কৰিছিল বিশিষ্ট শিক্ষাবিদগৰাকীয়ে৷ তেওঁৰ পিতৃ আছিল প্রয়াত কুলকমল হাজৰিকা আৰু মাতৃ প্রয়াত উমেশ্বৰী হাজৰিকা৷ ১৯৬৪ চনত যোৰহাট চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্রিক পৰীক্ষা উত্তীর্ণ হোৱা ড০ নিৰু হাজৰিকাই যোৰহাটৰ দেৱীচৰণ বালিকা মহাবিদ্যালয়ৰ পৰা ৰাজনৈতিক বিজ্ঞান বিভাগত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনত প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰি উত্তীর্ণ হয়৷ তাৰ পাছতে তেওঁ স্নাতকোত্তৰ পাঠ্যক্রমত অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভর্তি কৰে৷ ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ ১৯৭০ চনত জুনিয়ৰ ৰিছার্চ ফেল’শ্বীপ লাভ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগত প্রবক্তা হিচাপে যোগদান কৰে৷ একে সময়তে সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্রতিষ্ঠাপক মুৰব্বী অধ্যাপক ভি ভেংকটা ৰাওৰ তত্ত্বাৱধানত গৱেষণা আৰম্ভ কৰে৷ তিনি বছৰৰ ভিতৰত পাব্লিক ছার্ভিচ কমিছন বিষয়ত গৱেষণা সম্পন্ন কৰি তেওঁ ডক্টৰেট ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়৷ অতি মেধাসম্পন্ন অধ্যাপিকাগৰাকীয়ে গৱেষণা সমাপ্ত কৰাৰ পাছতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ আলোচনীত গৱেষণা–পত্র প্রকাশ কৰি অতি কম সময়ৰ ভিতৰতে ৰীডাৰ আৰু অধ্যাপক পদত নিযুক্ত হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয়গৰাকী পূর্ণকালীন বিভাগীয় মুৰব্বী আছিল ড০ নিৰু হাজৰিকা৷ ১৯৮৬ চনৰ ২৮ জানুৱাৰীত বিভাগটোৰ মুৰব্বী অধ্যাপকৰ দায়িত্ব গ্রহণ কৰে৷ মুৰব্বী অধ্যাপক হৈ থকা সময়তে তেওঁ দুবাৰকৈ কলাগুৰুৰ পদতো অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল৷

উত্তৰ–পূব ভাৰতৰ ভিতৰত প্রথমগৰাকী ডিলিট ডিগ্রী লাভ কৰা মহিলা হৈছে অধ্যাপিকা ড০ নিৰু হাজৰিকা৷ অধ্যাপনাৰ উপৰি গৱেষক আৰু গ্রন্থ প্রণেতা হিচাপে তেওঁ যথেষ্ট কৃতিত্ব অর্জন কৰিছিল৷ তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্রন্থ হৈছে– পাব্লিক ছার্ভিচ কমিছনঃ এ ষ্টাডী, প্রফাইল অৱ য়ুথ অর্গেনাইজেচন ইন নর্থ–ইষ্ট ইণ্ডিয়া, এথনিক অট’নমী কুৱেছনছ ইন নর্থ–ইষ্ট ইণ্ডিয়াঃ চার্জ ফৰ এণ্ড এনচাৰ আৰু এথিকছ এণ্ড হিউমেন ভেলিউজ ইন মেডিকেল ছায়েন্স৷ চাৰিটা দশকৰো অধিক কাল গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা ড০ নিৰু হাজৰিকাৰ তত্ত্বাৱধানত ৫০ৰো অধিক শিক্ষার্থীয়ে লাভ কৰিছিল ডক্টৰেট ডিগ্রী৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে প্রয়াত অধ্যাপিকাগৰাকীৰ তত্ত্বাৱধানত গ্রহণ কৰিছিল পি এইচ ডি ডিগ্রী৷ তদুপৰি নতুন দিল্লীৰ আই চি এছ এছ আৰৰ প্রাক্তন সদস্য হৈছে ড০ নিৰু হাজৰিকা৷ অধ্যাপনা কৰি থকা সময়ছোৱাতে প্রয়াত অধ্যাপিকাগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্র, ইংলেণ্ড, ফ্রান্স, স্পেইন আদিকে ধৰি বহুকেইখন দেশত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় সন্মিলিত অংশগ্রহণ কৰিছিল৷ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ পত্রিকাত তেওঁৰ গৱেষণা–পত্র প্রকাশ পাইছে৷ অসমৰ ৰাজনৈতিক ক্ষেত্রতো এইগৰাকী বিশিষ্ট শিক্ষাবিদৰ আছিল এক উল্লেখনীয় ভূমিকা৷ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ ৰাজনৈতিক উপদেষ্টা পদতো তেওঁ কার্যনির্বাহ কৰিছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিগত বর্ষৰ ডিচেম্বৰ মাহত হূদৰোগত আক্রান্ত হোৱাত তেওঁক ডাউন টাউন হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ এই হাস্পতালত সুস্থ হৈ তেওঁ ঘৰলৈ উভতিছিল যদিও চলিত মাহৰ আৰম্ভণিতে ঘৰতে পৰি যোৱাত কঁকালত আঘাত পাই পুনৰ ডাউন টাউন হাস্পতালত তেওঁৰ সুকলমে অস্ত্রোপচাৰ হৈছিল যদিও শেহতীয়াকৈ ক’ভিডত আক্রান্ত হয়৷ ইয়াৰ পাছতে তেওঁক যোৱা ২১ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷

লক্ষণীয় যে হাস্পতালত চিকিৎসাধীন অৱস্থাতে বিয়োগ ঘটা প্রয়াত অধ্যাপিকাগৰাকীৰ শেষকৃত্য ক’ভিড প্রট’কল অনুসৰি ভূতনাথ শ্মশানত সম্পন্ন কৰা হয়৷ ৰাজ্য চৰকাৰৰ হৈ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই পি পি ই কিট পৰিধান কৰি শ্মশানত তেওঁলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ প্রয়াত অধ্যাপিকাগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি তেওঁ কয়– ‘মোৰ বিশ্ববিদ্যালয়ৰ শিক্ষা জীৱনৰ পৰা সামাজিক–ৰাজনৈতিক জীৱনৰ এই পৰিক্রমাত দিক্ নির্দেশনা প্রদান কৰি পথ প্রদর্শন কৰা বিশিষ্ট শিক্ষাবিদ ড০ নিৰু হাজৰিকাৰ বিয়োগত অত্যন্ত মর্মাহত হৈছোঁ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন মুৰব্বী অধ্যাপিকা ড০ নিৰু হাজৰিকাৰ বিয়োগ অসমৰ বিদ্যায়তনিক ক্ষেত্রখনৰ বাবে এক আপুৰুগীয়া ক্ষতি৷’ ইফালে তেওঁৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই (আছু)৷ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু সভাপতি দীপাংক কুমাৰ নাথেও পি পি ই কিট পৰিধান কৰি ভূতনাথ শ্মশানত বিশিষ্ট শিক্ষাবিদগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷

এক শোকবার্তাত নাথ আৰু ড০ ভট্টাচার্যই কয়– ‘শিক্ষক আৰু ছাত্র–ছাত্রীৰ সম্পর্কৰ অনুকৰণীয় উদাহৰণ দাঙি ধৰা ড০ নিৰু হাজৰিকাই সকলো সময়তে সকলো স্তৰৰ ছাত্র–ছাত্রীক অনুপ্রাণিত কৰি আহিছিল৷ তেওঁ জ্ঞান আৰু প্রজ্ঞাৰে ছাত্র–ছাত্রীসকলক আগুৱাই যোৱাত নেতৃত্বত দিছিল৷ অসম আন্দোলনৰ পৰা মৃত্যুৰ আগমুহূর্তলৈকে ড০ নিৰু হাজৰিকাই আছুৰ অভিভাৱকত্ব প্রদান কৰিছিল৷ তেওঁৰ বিয়োগত শৈক্ষিক জগতৰ পৰা এটা তৰা নোহোৱা হ’ল৷’ বিশিষ্ট শিক্ষাবিদগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ সামাজিক মাধ্যমৰ জৰিয়তে এক শোকবার্তাত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে উত্তৰ–পূব ৰাজনীতি বিজ্ঞানৰ শিক্ষাদান আৰু গৱেষণাত অধ্যাপিকা হাজৰিকাৰ অসামান্য অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷

You might also like