নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱাৰ বাবে আহি আছে সুখবৰঃ ডিচেম্বৰৰ ভিতৰত খালী পদ পূৰণৰ প্রক্রিয়া আৰম্ভ কৰাৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আৰু এটা সুখবৰ৷ চলিত বর্ষৰ ভিতৰতে শিক্ষা বিভাগৰ সকলো খালী পদ পূৰণ আৰু শক্তি বিভাগত খালী হৈ থকা পদসমূহত নিযুক্তিৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু শক্তিমন্ত্রী নন্দিতা গার্লোছাৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই সেই নির্দেশ দিয়ে৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই উচ্চ শিক্ষা বিভাগকে ধৰি শিক্ষা বিভাগত কোনো খালী পদ নাৰাখিবলৈ নির্দেশ দিয়ে৷ শিক্ষামন্ত্রী ডাঃ পেগুক চলিত ২০২২ বর্ষৰ ভিতৰতে বিভাগটোত খালী হৈ থকা সকলো পদ পূৰণৰ বাবে নির্দেশ দিয়ে৷ সেইদৰে এপিডিচিএল, এইজিচিএল, এপিজিচিএলত খালী হৈ থকা পদ পূৰণৰ প্রক্রিয়া চলিত ডিচেম্বৰ মাহৰ ভিতৰতে আৰম্ভ কৰিবলৈ শক্তিমন্ত্রী নন্দিতা গার্লোছাক নির্দেশ দিয়ে৷ তদুপৰি শক্তিখণ্ডত পুনৰ গঠনৰ বাবে নতুন পদ সৃষ্টি কৰিবলৈও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷

You might also like