নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ এপ্রিলত অসমলৈ ৰাহুল গান্ধী

🔹 যোৰহাট–ডিব্রুগড়ত দুখন নির্বাচনী সভা

বিশেষ বাৰ্তা, ১০ এপ্রিল : অহা ১৭ এপ্রিলত অসমলৈ আহিব কংগ্রেছ নেতা ৰাহুল গান্ধী৷ ১৯ এপ্রিলত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া যোৰহাট আৰু ডিব্রুগড় লোকসভা সমষ্টিত দুখন নির্বাচনী প্রচাৰ সমাৱেশত অংশগ্রহণ কৰিব কংগ্রেছ নেতাজনে৷ যোৰহাটৰ কংগ্রেছ প্রার্থী তথা বিৰোধী ঐক্যমঞ্চৰ প্রার্থী গৌৰৱ গগৈ আৰু ডিব্রুগড়ৰ অজাপ প্রার্থী তথা বিৰোধী ঐক্যমঞ্চৰ লুৰিণজ্যোতি গগৈৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈকে এদিনীয়া কার্যসূচীৰে কংগ্রেছ নেতা গান্ধী আহিব অসমলৈ৷ মন কৰিবলগীয়া যে সেইদিনাই বিয়লিৰ ভাগত প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ নির্বাচনী প্রচাৰ অভিযানৰ সামৰণি পৰিব৷ অহা ১৭ এপ্রিলত ৰাহুল গান্ধী যোৰহাট আৰু ডিব্রুগড়ত নির্বাচনী প্রচাৰ চলাবলৈ আহিব যদিও এই মুহূর্তলৈ লোকসভা সমষ্টি দুটাৰ কোন স্থানত কংগ্রেছ নেতাজনে নির্বাচনী প্রচাৰ চলাব, সেয়া চূড়ান্ত হোৱা নাই৷

You might also like