নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ১১ ভাৰতীয় শিক্ষার্থীৰ ৰহস্যজনক মৃত্যু

 🔹 ৩ সপ্তাহ নিৰুদ্দেশ হৈ থকাৰ পাছত মৃতদেহ উদ্ধাৰ ভাৰতীয় ছাত্রৰ

বিশেষ বাৰ্তা, ১০ এপ্রিল : আমেৰিকা যুক্তৰাষ্ট্রত উচ্চ শিক্ষা পাঠ্যক্রমত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থীৰ হত্যা কিম্বা ৰহস্যজনক মৃত্যুক লৈ উদ্বিগ্ণ নতুন দিল্লী৷ চলিত বর্ষত এতিয়ালৈকে আমেৰিকাৰ বিভিন্ন স্থানত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থীৰ ৰহস্যজনক মৃত্যুৱে আনকি মার্কিন প্রশাসনকো চিন্তিত কৰি তুলিছে৷ ৩ সপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকা ২৫ বছৰীয়া মহম্মদ আব্দুল আৰফাত নামৰ ক্লেভলেন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রজনৰ কালি মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে চলিত বর্ষত ৰহস্যজনকভাৱে মৃত্যু হোৱা ভাৰতীয় শিক্ষার্থীৰ সংখ্যা ১১জনলৈ বৃদ্ধি পালে৷ নিউয়র্কৰ ভাৰতীয় কনছুলেটে কালি মহম্মদ আব্দুলৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে মহম্মদ আব্দুলৰ পৰিয়াললৈ অপহৰণ কৰি নিয়া বুলি মুক্তিপণ দাবী কৰা হৈছিল৷ এই অপহৰণ কৰা বুলি মুক্তিপণ দাবী কৰাৰ মাজতেই কালি ছাত্রজনৰ মৃতদেহ উদ্ধাৰ হয়৷ ইয়াৰ পূর্বে ক্লেভলেণ্ড বিশ্ববিদ্যালয়তে অধ্যয়নৰত উমা সত্য ছাই গাড্ডেৰ ৰহস্যজনক মৃত্যু হৈছিল৷ চলিত বর্ষৰ মার্চত কলকাতাৰ পৰা গৈ আমেৰিকাৰ ছেইণ্ট লুইছৰ মিচৌৰিত অধ্যয়নৰত অমৰনাথ ঘোষ নামৰ ছাত্র এজনৰ মৃত্যু হৈছিল৷ অন্ধ্রপ্রদেশৰ গুণ্টুৰ জিলাৰ ২০ বছৰীয়া পাৰুচুৰি অভিজিতৰ পৰিত্যক্ত কাৰত যোৱা ১১ মার্চত মৃতদেহ উদ্ধাৰ হৈছিল৷ আমেৰিকাত মৃত্যু ঘটা লোকসকলৰ ভিতৰত ভেংকটৰমন পিট্টালা, সমীৰ কামাঠ, বিবেক টানেজা, বিবেক সৈনী, শ্বেয়ার্ছ ৰেড্ডী, বেনিগেৰী, অতুল বি ধাৱান আছে৷ আমেৰিকাত ভাৰতীয় নাগৰিকৰ নিৰাপত্তাজনিত বিষয়টোক লৈ ইতিমধ্যে নতুন দিল্লীয়ে মার্কিন প্রশাসনৰ সৈতে বহুবাৰ আলোচনা কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ভাৰতত থকা ৰাষ্ট্রদূত এৰিক গার্ছেটিয়ে ইতিমধ্যে আমেৰিকাত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থীসকলক অধিক সজাগ আৰু সাৱধান হৈ থাকিবলৈ পৰামর্শ আগবঢ়াইছে৷ পর্যাপ্ত সুৰক্ষা–নিৰাপত্তা অবিহনে শিক্ষার্থীসকলক জধে-মধে আমেৰিকাৰ চহৰে–নগৰে চলা–ফুৰা নকৰিবলৈও পৰামর্শ দিয়া হৈছে৷ ভাৰতীয় শিক্ষার্থী তথা লোকৰ ৰহস্যজনক মৃত্যুক লৈ উদ্বিগ্ণ মার্কিন প্রশাসনে ইতিমধ্যে ভাৰতীয় শিক্ষার্থীৰ মৃত্যু সন্দর্ভত তদন্ত কৰিবলৈ নির্দেশ দিছে৷ ভাৰতীয় শিক্ষার্থীসকলক দেশখনত থকা ৰাষ্ট্রদূতৰ লগত যোগাযোগ কৰিবলৈও পৰামর্শ আগবঢ়োৱা হৈছে৷ যিকোনো বিপজ্জনক সম্ভাৱনা উদয় হ’লেই ভাৰতীয় শিক্ষার্থীসকলক নিকটৱর্তী প্রশাসনীয় প্রতিষ্ঠানৰ সৈতে যোগাযোগ কৰিবলৈও নির্দেশ দিয়া হৈছে৷ আমেৰিকাত ভাৰতীয় শিক্ষার্থীৰ ৰহস্যজনক মৃত্যুৱে ভাৰতত থকা পৰিয়ালৰ লোকসকলক চিন্তিত কৰি তুলিছে৷

You might also like