নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ এপ্রিলত ঈদ–উল–ফিটৰ

🔹 কেন্দ্রীয় হিলাল কমিটীৰ ঘোষণা

বিশেষ বাৰ্তা, ১০ এপ্রিল : ১১ এপ্রিলত সমগ্র দেশৰ লগতে অসমতো ঈদ–উল–ফিটৰ উদযাপন কৰা হ’ব৷ কালি কেন্দ্রীয় হিলাল কমিটী, অসমে এই কথা ঘোষণা কৰিছে৷ কমিটীৰ সভাপতি ফখৰুদ্দিন আহমেদ আৰু সম্পাদক ইমদাদ হুছেইনে এক বিবৃতিত কয়– অসম তথা ভাৰতত জোন দেখা খবৰ পোৱা নগ’ল৷ সেয়েহে অহা ১১ এপ্রিল বৃহস্পতিবাৰে দেশৰ লগতে অসমতো ঈদ পালন কৰা হ’ব৷ এই উপলক্ষে কেন্দ্রীয় হিলাল কমিটীৰ তৰফৰ পৰা অসমবাসীলৈ ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ৷ উল্লেখ্য যে এমহীয়া ৰমজানৰ ৰোজাৰ অন্তত ইছলাম ধর্মাৱলম্বী লোকসকলে ঈদ–উল–ফিটৰ উদযাপন কৰে৷ এই ধর্মীয় উৎসৱ উদযাপনৰ প্রস্তুতি ইছলাম ধর্মাৱলম্বী লোকসকলে প্রায় সম্পূর্ণ কৰি তুলিছে৷ নতুন সাজ পিন্ধি ঈদৰ দিনা মছজিদ তথা সমূহীয়া ঈদগাহ ময়দানত নামাজ আদায় কৰি ইজনে আনজনক আলিংগনেৰে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিব৷ বিগত কেইবাদিনো ধৰি বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে সজাই–পৰাই তোলা হৈছে মছজিদ আৰু ঈদগাহ ময়দানসমূহ৷

You might also like