নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী পৌৰ নিগমত কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰিঃ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ ছঘণ্টাজোৰা অভিযান

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ মহানগৰবাসীৰ কৰ–কাটলেৰে চলি থকা গুৱাহাটী পৌৰ নিগম (জিএমচি)ত শেহতীয়াকৈ সংঘটিত হৈছে ২০ কোটিটকীয়া এক বিয়াগোম কেলেংকাৰি৷ গুৱাহাটীৰ নর্দমাৰ বোকা–জাবৰ নিষ্কাশনৰ নামত একাংশ বিষয়া আৰু কর্মচাৰীয়ে কৰা এনে বিয়াগোম কেলেংকাৰিৰ বিৰুদ্ধে কালি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে চলালে অভিযান৷ ভুৱা বিলেৰে বিগত এটা বছৰত একাংশ ঠিকাদাৰ, নিগমৰ শীর্ষ বিষয়া আৰু বোকা নিষ্কাশন কৰা প্রতিষ্ঠানে লুণ্ঠন চলোৱা এই ২০ কোটি টকাৰ তথ্য বিচাৰি আজি দিনৰ প্রায় ১১ বজাৰ পৰা জিএমচিৰ আয়ুক্তৰ কার্যালয়ত তদাৰকী কোষে ছঘণ্টাজোৰা অভিযান চলাই জব্দ কৰে একাধিক নথি–পত্র, বিল আৰু বোকা নিষ্কাশনৰ বাবে কামৰ আবণ্টন পোৱা প্রতিষ্ঠানৰ একাধিক নথি–পত্র৷ আনকি এই অভিযানকালত তদাৰকী কোষে জিএমচিৰ আয়ুক্ত আৰু যুটীয়া আয়ুক্ত, বিশেষ কর্তব্যৰত বিষয়াৰ লগতে স্বচ্ছতা বিষয়াকো বিভিন্ন প্রশ্ণ কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে মহানগৰীৰ নলাসমূহ পৰিষ্কাৰ কৰাৰ লগতে বোকা নিষ্কাশনৰ বাবে এক বিশেষ আঁচনি গ্রহণ কৰিছিল জিএমচিয়ে৷ গুৱাহাটীৰ বৃহৎ বৃহৎ নলাসমূহৰ বোকা আৰু গেদ নিয়মিতভাৱে পৰিষ্কাৰ কৰাৰ বাবে একাংশ প্রতিষ্ঠান তথা ঠিকাদাৰক দিয়া হৈছিল দায়িত্ব৷ সেই অনুসৰি বিগত এবছৰে চলি থকা এই বোকা নিষ্কাশনৰ নামত জিএমচিয়ে ব্যয় কৰে প্রায় ২০ কোটি টকা৷ লক্ষণীয়ভাৱে যোৱা এপ্রিল আৰু মে’ মাহত বোকা নিষ্কাশনৰ বাবে ঠিকাদাৰক আদায় দিয়ে ২.২১ কোটি টকা৷ দুমাহৰ ভিতৰতে এনেদৰে বোকা নিষ্কাশনৰ নামত বৃহৎ পৰিমাণৰ ধন আদায় দিয়াৰ বিষয়টোক লৈয়ে সন্দেহৰ সৃষ্টি হয়৷ জিএমচিৰ আয়ুক্ত দেৱাশিস শর্মাই বৃহৎ ধনৰাশি এনেদৰে ব্যয় কৰা বিষয়টোক লৈ উত্থাপিত প্রশ্ণ তথা সন্দেহৰ বাবে কিছুদিন পূর্বে নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্রৱর্তীক তদন্তৰ দায়িত্ব দিছিল৷ সেইমর্মে যুটীয়া আয়ুক্তগৰাকীয়ে প্রাৰম্ভিক তদন্ততে ভুৱা বিলেৰে একাংশ ঠিকাদাৰে বোকা নিষ্কাশনৰ নামত ধন উলিয়াই লৈ যোৱাৰ তথ্য লাভ কৰে৷ যুটীয়া আয়ুক্তগৰাকীয়ে ভুৱা বিলেৰে কেনেদৰে নিগমৰে একাংশ বিষয়া–কর্মচাৰীয়ে ঠিকাদাৰৰ সৈতে বুজাবুজিৰে ধন লুণ্ঠন কৰিছিল, সেই তথ্য পোহৰলৈ অনাৰ পাছতে তদন্তৰ এই প্রতিবেদন আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষত জমা দি বিষয়টোৰ তদন্তৰ বাবে দাখিল কৰে এক গোচৰ৷ এই গোচৰৰ সন্দর্ভতে আজি জিএমচিৰ কার্যালয়ত চলে অভিযান৷ লক্ষণীয় যে জিএমচিয়ে বোকা পৰিষ্কাৰৰ বাবে ৬টা জ’নৰ কাম–কাজ চোৱাচিতা কৰিবলৈ আছিফ আহমেদক দায়িত্ব প্রদান কৰিছিল৷ স্বচ্ছতা বিষয়া হিচাপে জিএমচিত কর্মৰত এইজন বিষয়াৰ নেতৃত্বতেই চলিছিল বোকা নিষ্কাশন৷ অর্থাৎ কোন ঠিকাদাৰী প্রতিষ্ঠানে কিমান বোকা নিষ্কাশন কৰিলে, কিমান ধন আদায় দিয়া হ’ল এই সকলো হিচাপ–নিকাচ ৰাখিছিল এইজন আছিফ আহমেদে৷ কিন্তু আছিফ আহমেদৰ নেতৃত্বতে একাংশ ঠিকাদাৰে ভুৱা বিলেৰে যোৱা এবছৰে বোকা নিষ্কাশনৰ নামত চলালে ব্যাপক লুণ্ঠন৷ জিএমচিৰ এক সূত্রই প্রকাশ কৰা অনুসৰি এজন ঠিকাদাৰে ট্রাকেৰে বোকা নিষ্কাশনৰ সময়ত ৱে–ব্রীজত ইয়াৰ ওজন হ’ব লাগে যদিও একেখন ট্রাকৰ ঠাইত পাঁচখন ডাম্পাৰ ট্রাক দেখুৱাই উলিয়াই নিয়া হৈছিল ধন৷ সূত্রটোৱে প্রকাশ কৰা মতে নলাৰ পৰা বোকা নিষ্কাশন কৰি আঁতৰাবলৈ ট্রাকেৰে নিয়াৰ সময়ত বোকাৰ ওজন জোখা হয়৷ কিন্তু নিগমৰে একাংশ বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰে মিলি বেলেগ বেলেগ নম্বৰৰ ট্রাক দেখুৱাই উলিয়াইছিল ভুৱা বিল৷ বোকা নিষ্কাশনৰ এই সমগ্র দিশটো পূর্বে চম্ভালিছিল নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্রৱর্তীয়ে৷ কিন্তু নিগমত শেহতীয়াকৈ নিযুক্তি দিয়া বিশেষ কর্তব্যৰত বিষয়া (অ’এছডি) বাবুলাল শর্মাই পংকজ চক্রৱর্তীৰ এই ক্ষমতা কর্তন কৰি বোকা নিষ্কাশনৰ সকলো দিশ তেওঁ চোৱাচিতা কৰিবলৈ আৰম্ভ কৰে৷ কার্যতঃ বোকা নিষ্কাশনৰ এখন বিল প্রথমতে আছিফ আহমেদে অনুমোদন জনায় আৰু তাৰ পাছত বাবুলাল শর্মাই অনুমোদন জনোৱাৰ পাছতেই বিলৰ বিপৰীতে আয়ুক্তই ধন অনুমোদন জনায়৷ কার্যতঃ আছিফ আহমেদ আৰু বাবুলাল শর্মাৰ জৰিয়তেই নিগমৰ ঠিকাদাৰে ভুৱা বিলেৰে সৰকাই আহিছিল ধন৷ এই সমগ্র দিশ পোহৰলৈ আহে যোৱা এপ্রিল আৰু মে’ মাহত বোকা নিষ্কাশনৰ বাবে আদায় দিয়া ২.২১ কোটি টকাৰ বিলক লৈ৷ এই সমুদায় ধন আদায় দিয়াৰ সময়তে বিষয়টোক লৈ সন্দেহ ওপজাত তদন্তৰ নির্দেশ দিছিল দেৱাশিস শর্মাই৷ এই তদন্তকালতেই কিদৰে নিগমৰ বিষয়া আৰু ঠিকাদাৰে যোৱা এবছৰে ২০ কোটি টকা লুণ্ঠন কৰিলে সেই তথ্য পোহৰলৈ আহে৷ আজি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই চলোৱা এই অভিযানত জিএমচিৰ ছজন কার্যবাহী অভিযন্তাকো এই কেলেংকাৰিৰ তদন্তৰ আওতালৈ আনে৷ সন্দেহৰ আঙুলি উঠা এই ছজন কার্যবাহী অভিযন্তা হ’ল– জ’ন–১ৰ কার্যবাহী অভিযন্তা শংকৰ মেধি, জ’ন–২ৰ কার্যবাহী অভিযন্তা ৰমা শইকীয়া, জ’ন–৩ৰ কার্যবাহী অভিযন্তা এলিয়ন বেগম, জ’ন–৪ৰ কার্যবাহী অভিযন্তা চিত্তৰঞ্জন দত্ত, জ’ন–৫ৰ কার্যবাহী অভিযন্তা হিৰণ্য বর্মন আৰু জ’ন–৬ৰ কার্যবাহী অভিযন্তা সীমান্ত বৰুৱা৷ স্বচ্ছতা বিষয়ে আছিফ আহমেদৰ নির্দেশত বোকা নিষ্কাশনৰ কাম চোৱাচিতা কৰা এই ছয় কার্যবাহী অভিযন্তাও যে এই বিয়াগোম দুর্নীতিত সাঙোৰ খাই আছে সেয়া ইতিমধ্যে পোহৰলৈ আহিছে৷ ইফালে, অসম আৰক্ষীৰ এক সূত্রই প্রকাশ কৰা মতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই অচিৰেই জেৰা চলাব আছিফ আহমেদ আৰু নিগমৰ অ’এছডি বাবুলাল শর্মাক৷ ৰাইজৰ ধনেৰে চলি থকা গুৱাহাটী পৌৰ নিগম প্রায়ে অর্থ সংকটৰ সন্মুখীন হয়৷ আনকি বহু সময়ত কর্মচাৰীক দৰমহা দিবলৈও ধনৰ নাটনি হয় নিগমৰ৷ যাৰ বাবে নিগমত কর্মৰত বহুসংখ্যক অস্থায়ী কর্মচাৰীয়ে আজিৰ দিনতো সময়মতে লাভ নকৰে দৰমহা৷ এনে বিত্তীয় সংকটেৰে চলি থকা জিএমচিত ২০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বিষয়টোক ৰাজ্য চৰকাৰে কি ধৰণে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like