নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোণাকালত পুনৰ ঘৰৰ পৰা কাম কৰিবলগীয়া হৈছে? কামত মন বহাবলৈ কি কৰিব-

মানুহে কেনেবাকৈ কাৰ্যালয়মুখী হৈছিলহে। পুৰণি ৰুটিনখন কিবাকৈ ঘূৰাই পাইছিলহে। আকৌ ক’ভিড পৰিস্থিতিৰ বাবে ঘৰৰ পৰা কাম কৰিব লগা হৈছে অনেকেই। হঠাৎ এই ৰুটিন সলনি হোৱাৰ বাবে বহুতৰে সমস্যা হৈছে। ঘৰৰ পৰা কামত মন বহাব পৰা নাই। প্রথমে ঘৰৰ কোনো এটি অংশ কামৰ বাবে নির্দিষ্ট কৰি লওক। তাৰ পাছত কিছু নিয়ম মানি চলিব। তেনেকুৱা হলে অলপ সময়ৰ ভিতৰতে মনযোগ দি কাম কৰিব পাৰিব।

১। কাম কৰা ঠাই আৰু ব্যক্তিগত ঠাইৰ মাজত পাৰ্থক্য ৰখাৰ প্রয়োজন। বিছনাত বহি কাম নকৰিব। সেয়া স্বাস্থ্যৰ পক্ষে যিমান ক্ষতিকাৰক, মানসিকভাৱেও কুপ্রভাৱ পেলায়। কাম আৰু ব্যক্তিগত জীৱনৰ পাৰ্থক্য কৰিবলৈ সকলো সময়তে অকণ বেলেগ ঠাইৰ প্রয়োজন। আন কোঠা নাথাকিলে বেডৰূমৰ এটি কোনতে সৰু টেবুল এখন পাতি ল’ব।

২। টেবুলৰ ওপৰত অযথা বহুত বস্তু নাৰাখিব। সকলো ফাইল-পত্র বেলেগ বেলেগকৈ ৰাখিব। মনত ৰাখিব, এতিয়া বেছিভাগ কাম ছফ্ট কপিতে হয়। অহেতুক কাগজ নষ্ট নকৰিব। জৰুৰী কাগজ এটা ফল্ডাৰত যত্ন কৰি ৰাখি থ’ব। যাতে প্রয়োজনত লগে লগে পায়।

৩। কলম, পেঞ্চিল, স্টেপলাৰ, মার্কাৰ ইত্যাদি ৰাখিবলৈ ডেস্ক অর্গেনাইজাৰ কিনিব পাৰে।

৪। টেবুলৰ ওপৰত বিভিন্ন তাঁৰ ওলমি থকা দেখিলে ভাল নালাগে। মনোৰোগবিদৰ মতে, সেইবোৰে আমাৰ কামৰ মনোযোগ কমাই পেলায়। সেয়ে লেপটপ চার্জাৰ, ফোন চার্জাৰ, হেডফোন, মাউজৰ তাঁৰ এই সকলোবোৰ আঁতৰাই ৰাখিব। পৰিপাতিকৈ ৰাখিবলৈ কিছুমান সৰু সৰু হুক অনলাইনতে কিনিবলৈ পায়। ‘কেবল অর্গেনাইজাৰ’লিখি বিচাৰিলে পোৱা যায়।

৫। টেবুলৰ ওপৰত এখন ডায়েৰী ৰাখিব। দিনটোৰ আৰাম্ভণিতে কি কি কাম কৰিব, তাৰে এখন তালিকা বনাই লব। সেই অনুযায়ী কাম কৰক।

You might also like