নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আতংকৰ মাজতে লাখ লাখ টকাৰ বাজেটেৰে সাজু মহানগৰীৰ বিহুতলী

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ বসন্তৰ আগমনৰ লগে লগে ন–কুঁহিপাতে সেউজ কৰি তুলিছে ধৰিত্রী৷ কুলি–কেতেকীৰ মিঠা মাতে বিনন্দীয়া কৰি তুলিছে পৰিৱেশ৷ ঢ়োলৰ গুমগুমনি, তাঁতশালৰ মাকোৰ শব্দই আনিছে ব’হাগৰ বতৰা৷ ক’ভিডৰ সংক্রমণে পুনৰ ৰাজ্যজুৰি আতংক সৃষ্টি কৰিলেও অসমীয়াৰ আয়ুস ৰেখা ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী৷ ক’ভিড আতংকৰ মাজতে লাখ লাখ টকাৰ বাজেটেৰে বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজধানী চহৰ গুৱাহাটীৰ বিহুতলীসমূহ৷ বিহু হুঁচৰিৰ পৰা আৰম্ভ কৰি বিহু সম্রাজ্ঞীলৈকে আকর্ষণীয় প্রতিযোগিতা আয়োজনেৰে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে বিহু কমিটীসমূহে৷ নামী–দামী তাৰকা শিল্পীৰ অনুষ্ঠানেৰে ৰজনজনাব বিহুতলীসমূহ৷ ৰঙালী বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি অনুসৰি সুকলমে এই অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিবলৈ বিশেষ ব্যৱস্থাপনা গ্রহণ কৰিছে৷

মহানগৰীৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ অন্যতম আকর্ষণীয় অনুষ্ঠান বিহু সম্রাজ্ঞী অনুষ্ঠিত হ’ব অহা ১৭ এপ্রিলত৷ বিহু সন্মিলনৰ সৈতে জড়িত কৈলাস শর্মাই সদৰী কৰা অনুসৰি ১৪ এপ্রিলত পতাকা উত্তোলনেৰে অনুষ্ঠান আৰম্ভ হ’বলগীয়া লতাশিলৰ বিহু সন্মিলনীৰ বিহুতলীত সেই দিনাই অনুষ্ঠিত হ’ব মুকলি বিহু৷ সেইদৰে ১৫ এপ্রিলৰ দিনাও দিহানাম আদিকে ধৰি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব৷ ১৬ এপ্রিলত অনুষ্ঠিত বিহু কুঁৱৰী আৰু বিহুৰাণী প্রতিযোগিতা৷ আকর্ষণীয় বিহু সম্রাজ্ঞী প্রতিযোগিতাত বিজয়ীক ১০ গ্রাম সোণ, এক লাখ নগদ ধন, টিভি, ফ্রিজ আদিকে ধৰি বিভিন্ন মূল্যৱান সামগ্রী পুৰস্কাৰ হিচাপে প্রদান কৰা হ’ব৷ প্রায় ১৫ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই বিহুত কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰিব৷ অৱশ্যে ৰাজ্য চৰকাৰে প্রকাশ কৰা এছ অ’ পি অনুসৰি তিনি দিনৰ ভিতৰত বিষয়ববীয়া আৰু কর্মকর্তাসকলে বান্ধি দিয়া নিয়মৰ বাবে সমস্যাৰ সন্মুখীন হৈছে বুলি সদৰী কৰিছে শর্মাই৷ কিয়নো বিহু সুকলমে অনুষ্ঠিত কৰাৰ বাবে কার্যকর্তাসকল বিভিন্ন কামৰ বাবে বাহিৰত ঘূৰি ফুৰিবলগীয়া হয়৷ যাৰ বাবে তিনি দিনৰ ভিতৰত ক’ভিড টেষ্ট কৰাত সমস্যা সৃষ্টি হৈছে৷ অৱশ্যে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি বিহু অনুষ্ঠিত কৰাৰ লগতে দর্শকৰ বাবে ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব আয়োজক কমিটীয়ে৷

ইফালে, আড়ম্বৰপূর্ণভাৱে এইবাৰ বিহুৰ কার্যসূচী আয়োজন কৰিছে বেলতলা ব’হাগী উৎসৱ আয়োজক কমিটীয়ে৷ অহা ২৩, ২৪ আৰু ২৫ এপ্রিলত তিনিদিনীয়াকৈ আয়োজন কৰা বেলতলা ব’হাগী উৎসৱৰ বাজেট হৈছে প্রায় ২০ লাখ টকা৷ এই ব’হাগী উৎসৱত এইবাৰ ভূপেন হাজৰিকা বঁটা প্রদান কৰা হ’ব বলীউডৰ খ্যাতনামা সংগীত শিল্পী উদিত নাৰায়ণক৷ অহা ২৫ এপ্রিলত এই বঁটা প্রদান কৰা হ’ব৷ তদুপৰি বিহুৰ আন দিনসমূহতো অনুষ্ঠিত হ’ব আকর্ষণীয় অনুষ্ঠান৷ বিহুৰ প্রথম দিনা অহা ২৩ এপ্রিলত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বলীউডৰ শিল্পী মহালক্ষ্মী আয়াৰে৷ ২৪ এপ্রিলৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকর্ষণ হ’ব পাপন আৰু যুৱ প্রজন্মৰ মাজত অত্যন্ত জনপ্রিয় শিল্পী শংকুৰাজ কোঁৱৰ৷ ২৫ এপ্রিলত গীত পৰিৱেশন কৰিব জুবিন গার্গে৷ ইফালে, বেলতলা ব’হাগী উৎসৱত অনুষ্ঠিত হ’ব বিহু হুঁচৰি আৰু পাটমাদৈ প্রতিযোগিতা৷ ২৩ এপ্রিলত অনুষ্ঠিত পাটমাদৈ প্রতিযোগিতাৰ বিজয়ীক প্রদান কৰা হ’ব প্রশস্তি–পত্র আৰু ২ লাখ টকাৰ পুৰস্কাৰ৷ শ্রেষ্ঠ বিহু হুঁচৰি দলে লাভ কৰিব ১ লাখ টকা আৰু প্রশস্তি–পত্র৷ উল্লেখ্য যে বিগত বর্ষত ক’ভিডৰ বাবে বিহুৰ কার্যসূচী অনুষ্ঠিত কৰিব নোৱাৰা বেলতলা ব’হাগী উৎসৱ সমিতিয়ে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছিল ৫ লাখ টকা৷ তদুপৰি ক’ভিডৰ সময়ছোৱাত আর্তজনৰ ওচৰত থিয় দিছিল সমিতিখন৷

আনহাতে, মালিগাঁও ৰে’লৱে ষ্টেডিয়াম খেলপথাৰত চাৰিদিনীয়া কার্যসূচীৰে ৰঙালী বিহু আয়োজন কৰিছে পাণ্ডু বিহু সন্মিলনীয়ে৷ বিহুৰ কার্যসূচীৰ প্রথম দিনা মালিগাঁও ৰভা পার্কৰ পৰা ষ্টেডিয়ামৰ বিহুতলীলৈ উলিওৱা হ’ব সাংস্কৃতিক শোভাযাত্রা৷ ১৮ৰ পৰা ২০ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই বিহুত সংগীতানুষ্ঠান পৰিৱেশন কৰিব জনপ্রিয় কণ্ঠশিল্পী ক্রমে প্রিয়ংকা ভৰালী, নির্মালি দাস, ভৃগু কাশ্যপ, আচুর্য বৰপাত্র গোহাঁয়ে৷ খ্যাতনামা বিহুৱা ৰঞ্জিত গগৈৰ বিহুৰ অনুষ্ঠানৰ উপৰি ছিকিমৰ লোক–সংস্কৃতি, কলকাতাৰ বাউল, বৰপেটাৰ ভোৰতাল নৃত্য আদিও অনুষ্ঠিত কৰা হ’ব৷

পিছপৰি ৰোৱা নাই গীতানগৰ বিহু সন্মিলনীয়ে৷ আকর্ষণীয় কার্যসূচীৰে চাৰিদিনীয়াকৈ অনুষ্ঠানৰ আয়োজন কৰিছে গীতানগৰ বিহু সন্মিলনীয়ে৷ আয়োজক কমিটীৰ হৈ সমৰজ্যোতি বেজবৰুৱাই সদৰী কৰা অনুসৰি ক’ভিড প্রট’কল মানি এইবাৰ কার্যসূচীসমূহ অনুষ্ঠিত কৰা হ’ব৷ দর্শকৰ বাবে ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব আয়োজক কমিটীয়ে৷ একে সময়তে দর্শকসকলক তেওঁ মাস্ক পৰিধান কৰি বিহুৰ অনুষ্ঠানলৈ আহিবলৈ আহ্বান জনাইছে৷ বেজবৰুৱাই প্রকাশ কৰা অনুসৰি ২২ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই চাৰিদিনীয়া বিহুৰ কার্যসূচীৰ সময়ত কেইবাগৰাকীও জনপ্রিয় কণ্ঠশিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব৷ ১৪ এপ্রিলত মুকলি বিহুৰ লগতে ময়ূৰী দত্তই পৰিৱেশন কৰিব সংগীতানুষ্ঠান৷ ১৫ এপ্রিলত গায়ত্রী হাজৰিকা, ১৬ এপ্রিলত নীলিম নয়না আৰু ১৭ এপ্রিলত নীল আকাশে অনুষ্ঠান পৰিৱেশন কৰিব৷

তিনিদিনীয়াকৈ শোধনাগাৰ খেলপথাৰত ৫৮সংখ্যক বর্ষ উৎসৱ আয়োজন কৰিছে নুনমাটি বিহু সন্মিলনীয়ে৷ নুনমাটি বিহু সন্মিলনীত ভূপেন্দ্র সংগীত, মহিলাৰ দিহানাম, কামৰূপী লোকগীত, বৰগীত প্রতিযোগিতাৰ লগতে মুকলি বিহু, বিহুৱতী আৰু মহিলাৰ অসমীয়া সাজপাৰ প্রতিযোগিতাৰো আয়োজন কৰিছে নুনমাটি বিহু সন্মিলনীয়ে৷ ১৫ এপ্রিলৰ সন্ধিয়া বাৰেৰহণীয়া গীত–নৃত্যৰ অনুষ্ঠানৰ লগতে জনপ্রিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসে সংগীতানুষ্ঠান পৰিৱেশন কৰিব৷ ১৬ এপ্রিলৰ সন্ধিয়া গীত পৰিৱেশন কৰিব জনপ্রিয় শিল্পী কুসুম কৈলাসে৷ তদুপৰি আড়ম্বৰপূর্ণভাৱে ৰঙালী বিহুৰ অনুষ্ঠান আয়োজন কৰিছে খাৰঘুলি বিহু সমিতিয়েও৷ অহা ১৪, ১৫ আৰু ১৬ এপ্রিলত আকর্ষণীয় কার্যসূচীৰে তেওঁলোকে আয়োজন কৰিছে বিহুৰ অনুষ্ঠান৷ ১৪ এপ্রিলত জুবিন গার্গ, ১৫ এপ্রিলত পাপন আৰু ১৬ এপ্রিলত নীল আকাশে পৰিৱেশন কৰিব সংগীতানুষ্ঠান৷

৬৩সংখ্যক আজাৰা ৰঙালী বিহু সন্মিলনীয়ে আজাৰাৰ ৰাজহুৱা সভাঘৰ প্রাংগণত আয়োজন কৰিছে বিহুৰ অনুষ্ঠান৷ ২২ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা ৰঙালী বিহুৰ কার্যসূচীৰ বিশেষ আকর্ষণ হ’ব জুবিন গার্গ, বাবু বৰুৱা, গীতাঞ্জলি দাস আৰু কুসুম কৈলাস৷ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত ব্যাপক প্রস্তুতিৰে আয়োজন কৰিছে পূব গুৱাহাটী সন্মিলনীয়ে৷ ইতিমধ্যে মঞ্চ নির্মাণৰ কাম আৰম্ভ কৰা এই বিহুখনৰ মুঠ বাজেট হৈছে ৩৫ লাখ টকা৷ জনপ্রিয় গায়িকা অনিন্দিতা পালকে ধৰি বহুকেইগৰাকী জনপ্রিয় শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব লগা উলুবাৰীৰ ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ ২৫ লাখ টকা বাজেটেৰে অনুষ্ঠিত কৰিব বিহুৰ কার্যসূচী৷

You might also like