নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত মিছন বসুন্ধৰা’ৰ ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে “বাটৰ নাট”

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাৰ্ঘেৰিটাত ভূয়সী প্ৰশংসা মিছন বসুন্ধৰা আঁ‌চনি ৰূপায়ণ কৰাৰ বাবে। দালাল ৰাজ নাশ কৰি ৰাইজৰ মাজলৈ আনিলে অভিলাষী আঁ‌চনি মিছন বসুন্ধৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা অভিলাষী আঁ‌চনি মিছন বসুন্দৰ ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে আজি মাৰ্ঘেৰিটা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয় এখন বাটৰ নাট। বাটৰ নাথৰ জৰিয়তে জনসাধাৰণে সহজেই কি দৰে মাটি বাৰী ম্যাদী কৰনৰ লগতে আন কাম সমূহ কি দৰে কৰিব পাৰে সেইয়া অভিনয়ৰ জৰিয়তে বাটৰ নাটৰ অভিনেতা সকলে বাট নাট উপভোগ কৰা ৰাইজৰ মাজত বুজাই দিয়ে। অন্যহাতে এই আঁ‌চনি অসমত আৰম্ভ কৰাৰ বাবে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰুনাল নাথৰ লগতে স্থানীয় বাটৰ নাটৰ অভিনেতা নজৰুল হুচেইনে সংবাদমাধ্যমৰ আগত মুখ্য মন্ত্ৰীক ভূয়সী প্ৰশংসা কৰে। অন্যহাতে এই মিছিন বসুন্ধৰা আঁ‌চনিৰ জৰিয়তে ৰাজহ চক্ৰ কাৰ্যালয় সমূহত দালাল ৰাজৰ অৱসান ঘটিল বুলিও উল্লেখ কৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰুনাল নাথে। বাট নাট আৰম্ভ কৰা পূৰ্বৈ আজিৰ কাৰ্যসূচীত উপস্থিত হোৱা সহকাৰী জৰীপ অধিকৰ্তা অসম জৰীপ বিভাগ গুৱাহাটীৰ পৰা অহা মনোৰঞ্জন ৰয়, চক্ৰ বিষয়া ৰুনাল নাথ আৰু সাংবাদিক মানস প্ৰতিম গগৈক একোখনকৈ ফুলাম গামোচাৰে মাৰ্ঘেৰিটা চক্ৰ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়।

You might also like