ডিব্ৰুগড়ৰ ৰে’লৱে কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড
উত্তৰ পূবোৰ্ত্তৰ প্ৰথমটো যান্ত্ৰিক ৰে’লৱে কাৰখানাত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ডিব্ৰুগড় কদমনিস্থিত ৰে’লৱে কাৰখানাটোত সংঘটিত হোৱা অগ্নিকাণ্ডটোক লৈ আতংকিত হৈ পৰে সমগ্ৰ অঞ্চলটোত।
আজি বিয়লিৰ ভাগত অকস্মাতে ৰে’লৱে কাৰখানাটোৰ এটা ষ্টোৰত ধোঁৱাৰ নিৰ্গমন হয়। ধোঁৱাৰ নিৰ্গমন হৈ থকা দেখি অঞ্চলটোত এক হুৱাদুৱা লাগে। লগে লগে ৰে’লৱে কাৰখানা কৰ্তৃপক্ষই অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়ে আৰু প্ৰায় ৬খনকৈ ডিব্ৰুগড় আৰু লাহোৱালৰ পৰা অগ্নিনিৰ্বাপন বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে।
আনহাতে বাতৰি লিখা পৰলৈকে কাৰখানাটোৰ ষ্টোৰৰ পৰা ধোঁৱা নিৰ্গমন হৈ আছে। জানিব পৰামতে, কাৰাখানাৰ ষ্টোৰত ৱেল্ডিঙৰ কাম চলি আছিলি। ৱেল্ডিঙৰ ফিৰিঙতিৰ পৰাই জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
ইফালে ষ্টোৰত ৰেঞ্জিং ফ’ম, প্লাইউদকে ধৰি যথেষ্ট পৰিমানৰ মূল্যবান সা-সামগ্ৰী মজুত হৈ আছিল। ৰে’লৱে কাৰখানাৰ কৰ্তৃপক্ষৰ অমনোযিতা তথা গুৰুত্বহীনতাৰ বাবেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
অৱশ্যে ঘটনা সন্দৰ্ভত কাৰখানা কৰ্তৃপক্ষই কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী আৰু ৰে’লৱে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই থকা বুলি জানিব পৰা গৈছে।
ইফালে ৰে’লৱে কাৰখানাটোৰ সমীপতে তিনিখনকৈ মহাবিদ্যালয় আৰু দুখন শিক্ষানুষ্ঠান আছে। তাতে আজি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাও চলি আছিল। তেনে সময়ত আজি উত্তৰ পূৱৰ যান্ত্ৰিক ৰে’ল কাৰখানাটোত সংঘটিত হোৱা অগ্নিকাণ্ডই অধিক আতংকিত কৰি তোলা পৰিলক্ষিত হয়।
বিশেষ বাৰ্তা, ডিব্ৰুগড়, ৫ মাৰ্চ