নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুল হুছেইনে মোক অপমান কৰি আহিছে : ৰছিদ মণ্ডল

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ২৯ এপ্ৰিলঃ মোক দলে দিয়া শ্বকজৰ উত্তৰ মই কাইলৈ দিম। কিন্তু ৰকিবুল হুছেইনৰ বাবে মই বহু অপমান পালো। কালি মোৰ সমষ্টিত নিৰ্বাচনী সভাত স্বয়ং দলৰ সভাপতি ভূপেন বৰা উপস্থিত আছিল কিন্তু তাত মোক নিমন্ত্ৰণ দিয়া নহল। বৰঞ্চ মাইকত আফতাবুদ্দিন মোল্লাক স্থানীয় বিধায়ক বুলি কৈ আছিল। মোক কৰা এনে অপমান সন্দৰ্ভত মই দলীয় হাইকামাণ্ডক শীঘ্ৰে জনাম।- এই মন্তব্য পশ্চিম গোৱালপাৰাৰ বিধায়ক ৰছিদ মণ্ডলৰ। আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে ধুবুৰীত কোন জিকে সেয়া আল্লাই বিচাৰ কৰিব। আজমলে যদি ৰাইজৰ ভাল কাম কৰিছে আজমলক ভোট দিব আৰু ৰকিবুলৰ বিগত সময়ছোৱাৰ কামকাজ বিচাৰ কৰিব ৰাইজে। কাৰন ১৫ বছৰে সাংসদ হোৱা আজমলে ৰাইজৰ উন্নয়নৰ বাবে কি কাম কৰি আহিছে আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰী হিচাপে থকাৰ সময়ত ৰাইজৰ হকে কৰা কামকাজ চাই ৰাইজে ভোট দিব। ৰকিবুল হুছেইনৰ বাবে মই আজি বহু লজ্জিত হৈছো। ধুবুৰীত ৰাইজে কাক ভোট দিব সেইটো মই নকও সেয়া ৰাইজে বিচাৰ কৰিব ৷ ৰকিুবল হুছেইনে ধুবুৰীত টিকট লাভ কৰাৰ পাছতেই মই বিৰোধ কৰাৰ ফলত মোৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like