নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাহাজৰ কথা শুনিয়েই টাইটানিকলৈ মনত পৰিল বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসম জাতীয় পৰিষদে আজি তেওঁলোকৰ দলৰ প্ৰতীক পানীজাহাজ বুলি সংবাদ মেলযোগে সদৰী কৰাৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিজেপিৰ  সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক দাসে কয়- ‘মানুহৰ মনত পছন্দৰ এটা কথা আছে, আজি যেনেকৈ মানুহে পদুম ফুল বুলিলে পৱিত্ৰতাৰে লয়, ইয়াৰ বিপৰীতে পানীজাহাজে সোঁৱৰাই টাইটানিক জাহাজৰ কথা। গতিকে মানুহে শংকিত হ’ব এই জাহাজৰ অৱস্থাও টাইটানিকৰ দৰে হ’ব নেকি? মোৰ কিন্তু প্ৰথম শুনোতেই টাইটানিকলৈ মনত পৰিছিল।’

You might also like