ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম দিনৰ অধিৱেশনত জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বিনাপ্ৰতিদ্বন্দ্বিতাৰে অসম বিধানসভাৰ পূৰ্ণকালীন অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
আজি অনুষ্ঠিত অধিৱেশনত প্ৰথমে সকলো বিধায়কক শপত বাক্য পাঠ কৰোৱায় প্ৰ’টেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইয়াৰ পিছতেই তেওঁ আনুষ্ঠানিকভাৱে নতুন অধ্যক্ষৰ নাম ঘোষণা কৰে।
অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰ’টেম অধ্যক্ষৰ আসন ত্যাগ কৰি ৰঞ্জিত কুমাৰ দাসৰ হাতত অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে।
উল্লেখযোগ্য যে ৰঞ্জিত কুমাৰ দাসে ইয়াৰ পূৰ্বেও অসম বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত তেওঁ ২ জুন ২০১৬ৰ পৰা ২৫ ডিচেম্বৰ ২০২০লৈকে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
স্মৰ্তব্য যে ৰঞ্জিত কুমাৰ দাস নৱগঠিত সৰভোগ-ভৱানীপুৰ সমষ্টিৰ বিধায়ক। যোৱাটো কাৰ্যকালত তেওঁ বজালীৰ বিধায়ক আছিল। ইয়াৰ আগতে তেওঁ সৰভোগৰ বিধায়ক এটা কাৰ্যকালীৰ বাবে নিৰ্বাচিত হৈছিল।
ডিজিটেল ডেস্ক, ২১ মে’