নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুণ্ডেছলিগা ফুটবল: ৩১বাৰলৈ খিতাপ জয় বেয়ার্ন মিউনিখৰ

নিয়মীয়া বাৰ্তা, ৯ মে: ক্রমাগত নৱমবাৰৰ বাবে বুণ্ডেছলিগা ফুটবলৰ খিতাপ জয় কৰিলে বেয়ার্ন মিউনিখে৷ শনিবাৰে নিশা ডর্টমুণ্ডে আৰ বি লেইপজিগক ৩–২ গ’লত পৰাস্ত কৰাৰ লগে লগে বেয়ার্ন মিউনিখে প্রতিযোগিতাখনৰ খিতাপ জয় কৰাটো নিশ্চিত হৈ পৰে৷ ৩১বাৰলৈকে প্রতিযোগিতাখনৰ খিতাপ জয় কৰা বেয়ার্ন মিউনিখে এতিয়ালৈকে ৩২খন মেচৰ পৰা ২৩খনত জয়লাভ কৰি ৭৪ পইণ্টেৰে শীর্ষস্থানটো অধিকাৰ কৰি প্রতিযোগিতাখনৰ খিতাপ জয় কৰে৷ কিয়নো, দ্বিতীয় স্থানপ্রাপ্ত আৰ বি লেইপজিগৰে পইণ্টৰ ব্যৱধান ১০লৈ বৃদ্ধি কৰে বেয়ার্ন মিউনিখে৷ লেইপজিগে এতিয়ালৈকে ৩২খন মেচৰ পৰা ৬৪ পইণ্ট সংগ্রহ কৰি দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে৷

ইপিনে, যোৱানিশা আলিয়াঞ্জ এৰেনাত অনুষ্ঠিত আনখন মেচত ৰবার্ট লেৱানডস্কিৰ হেটট্রিকৰ সহায়ত বেয়ার্ন মিউনিখে মনচেংলাবেচক ৬–০ গ’লত বিধ্বস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷ একপক্ষীয় মেচখনৰ ২ মিনিটত প্রথমটো গ’ল কৰা লেৱানডস্কিয়ে ৩৪ আৰু ৬৬ মিনিটত গ’ল স্ক’ৰ কৰি হেটট্রিকটো অর্জন কৰে৷ ইপিনে, দলটোৰ হৈ থমাছ মূলাৰে ২৩ মিনিটত, কিংছলে ক’মানে ৪৪ মিনিটত আৰু লেৰই ছানেই ৮৫ মিনিটত এটাকৈ গ’ল স্ক’ৰ কৰে৷

ইপিনে, মেচখনত হেটট্রিক অর্জন কৰি তাৰকা ষ্ট্রাইকাৰ লেৱানডস্কিয়ে চলিত ছিজনৰ বুণ্ডেছলিগাত সর্বাধিক গ’ল কৰাৰ কৃতিত্ব অর্জন কৰে৷ মিউনিখৰ তাৰকা ষ্ট্রাইকাৰগৰাকীয়ে ৩৯টা গ’ল স্ক’ৰ কৰে৷

উল্লেখ্য যে ৱল্ফছবার্গে ৩২খন মেচৰ পৰা ৬০ পইণ্ট সংগ্রহ কৰি প্রতিযোগিতাখনৰ পইণ্ট তালিকাৰ তৃতীয় স্থানটো লাভ কৰিছে৷ যোৱানিশাৰ মেচখনত ইউনিয়ন বার্লিনক ৩–০ গ’লত পৰাস্ত কৰে৷

You might also like