নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রই পোৱা নাই অসম চুক্তিৰ ৬নং দফা সমিতিৰ প্রতিবেদন, ৰাজ্য চৰকাৰে চাই আছে চালি–জাৰি

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   পুনৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চ পর্যায়ৰ সমিতিৰ প্রতিবেদন প্রসংগ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা   নেতৃত্বাধীন সমিতিয়ে ৰাজ্য চৰকাৰক প্রতিবেদন দাখিলৰ ছমাহতকৈ অধিক কাল উকলি গ’ল যদিও বর্তমান পর্যন্ত প্রতিবেদনখন কেন্দ্রৰ হাতত পৰা নাই৷ এই কথা স্পষ্ট হৈ পৰিল বুধবাৰে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী জি কিষাণ ৰেড্ডীয়ে প্রদান কৰা এক বিবৃতিত৷ মন কৰিবলগীয়া যে বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ অসমজুৰি প্রতিবাদৰ ঢ়ৌ গঢ়ি উঠাৰ সময়তে বিগত বর্ষৰ জুলাই মাহত কেন্দ্রীয় গৃহ মন্ত্রালয়ে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে উচ্চ পর্যায়ৰ সমিতিখন গঠন কৰিছিল৷ কথা আছিল ছমাহৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বাধীন সমিতিয়ে প্রতিবেদন কেন্দ্রক দাখিল কৰিব আৰু প্রতিবেদনত থকা পৰামর্শাৱলী আখৰে আখৰে ৰূপায়ণ কৰা হ’ব৷ অসমীয়াই লাভ কৰিব সাংবিধানিক ৰক্ষাকৱচ৷ প্রায় নির্ধাৰিত সময়ৰ ভিতৰতেই সমিতিখনে প্রতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰাৰ ৬ মাহ অতিক্রম কৰি যোৱাৰ পাছতো প্রতিবেদনখন নাপালে কেন্দ্রীয় চৰকাৰে৷ লক্ষণীয়ভাৱে শাসকীয় বিজেপিৰ সাংসদ সাম্ভাজি ছত্রপতিয়ে ৰাজ্যসভাৰ মজিয়াত অসম চুক্তিৰ ৬নং দফা সমিতিৰ প্রতিবেদনৰ প্রসংগৰ অৱতাৰণা কৰিছিল৷ সমিতিয়ে প্রতিবেদন দাখিল কৰিছে নে নাই, প্রতিবেদনত কি কি পৰামর্শ আগবঢ়োৱা হৈছে, চৰকাৰে কিমান দিনৰ ভিতৰত সমিতিৰ পৰামর্শাৱলী ৰূপায়ণ কৰিব– এই সকলো প্রশ্ণৰ উত্তৰ বিচাৰি মহাৰাষ্ট্রৰ বিজেপি সাংসদজনে ৰাজ্যসভাত এক লিখিত প্রশ্ণ উত্থাপন কৰিছিল৷ পিছে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী ৰেড্ডীয়ে সাংসদ ছত্রপতিয়ে উত্থাপন কৰা সকলো বিষয় একপ্রকাৰ এৰাই চলে৷ নিজৰ বিবৃতিত মন্ত্রী ৰেড্ডীয়ে কেৱল বুজাই দিয়ে যে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণ কমিটীৰ প্রতিবেদনখন কেন্দ্রীয় গৃহ মন্ত্রালয়ে এতিয়াও লাভ কৰা নাই৷ লক্ষণীয়ভাৱে সমিতিৰ ‘টামর্ছ অৱ ৰেফাৰেন্স’ অনুসৰি কথা আছিল অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন সমিতিখনে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ওচৰত প্রতিবেদন দাখিল কৰিব৷ কিন্তু কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ওচৰত বাৰম্বাৰ প্রতিবেদন দাখিল কৰাৰ বাবে সময় বিচাৰি ব্যর্থ হোৱা হেতু যোৱা ২৫ ফেব্রুৱাৰীত সমিতিয়ে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ওচৰত প্রতিবেদনখন দাখিল কৰে৷ সিদিনা মুখ্যমন্ত্রী সোণোৱালে প্রতিশ্রুতি প্রদান কৰিছিল যে যথাসময়ত প্রতিবেদনখন কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক প্রদান কৰা হ’ব আৰু কেন্দ্রই সমিতিয়ে দিয়া পৰামর্শসমূহ বিবেচনা কৰিব৷ পিছে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী ৰেড্ডীয়ে  নিজৰ বিবৃতিত স্পষ্ট কৰি দিয়ে যে সমিতিৰ প্রতিবেদন তেওঁৰ মন্ত্রালয়ে এতিয়াও লাভ কৰা নাই৷ বৰঞ্চ প্রতিবেদনখন ৰাজ্য চৰকাৰেহে বর্তমানে চালি–জাৰি চাই আছে৷ প্রতিবেদনত থকা পৰামর্শসমূহ কেতিয়া ৰূপায়ণ কৰা হ’ব কিম্বা প্রতিবেদনৰ বিষয়বস্তু সন্দর্ভত কেন্দ্রীয় গৃহৰাজ্য মন্ত্রী ৰেড্ডীয়ে একো তথ্যই সদৰী নকৰিলে৷ মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আইনখন সাংসদত গৃহীত কৰাৰ প্রাকমুহূর্তত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণ কমিটীৰ প্রতিবেদনখন দাড়ি–কমা সলনি নকৰাকৈ আখৰে আখৰে ৰূপায়ণ কৰা৷ সংসদৰ মজিয়াত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে খোদ এই সন্দর্ভত বিবৃতি প্রদান কৰিছিল৷

You might also like