নগাঁৱৰ হদহদী জলপ্ৰপাতত বিনোদনমূলক কাৰ্য সাময়িকভাৱে নিষিদ্ধ
সাময়িকভাৱে নিষিদ্ধ : নগাঁও চহৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুংচূং চাহ বাগিচাত থকা হদহদী জলপ্ৰপাতত বনভোজ ,বিনোদনমুলক সকলো কাৰ্য নগাঁও জিলা প্ৰশাসনে এক নিৰ্দেশ যোগে সাময়িক ভাবে নিষিদ্ধ কৰিছে।
নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দিয়া নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে এই পৰ্যটনস্থলী তথা বনভোজ ক্ষেত্ৰত বিগত সময়চোৱাত কেবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে প্ৰাণহানিৰ ঘটনাও হৈছে।কলিয়াবৰ আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিবেদন মতে বনভোজ বা বিনোদনৰ বাবে যোৱা অধিকাংশই ছাত্ৰ- ছাত্ৰী আৰু যুৱক – যুৱতী।
সেয়ে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইনৰ ১৬৩ নং ধাৰা অনুসৰি হদহদী জলপ্ৰপাতৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ বাবে বনভোজ – বিনোদনমুলক কাৰ্য বিশেষকৈ গা ধোৱা ,সাতোৰা আদি সাময়িক ভাবে নিষিদ্ধ কৰা হৈছে।
জিলা আয়ুক্ত কাৰ্যালয়ৰ মেম’ নং এন আৰ এ ডি ০১/২০১৬/ ৩৭৮ – (এ) নিৰ্দেশ অনুসৰি লুংচূং চাহবাগিচা হৈ হদহদী জলপ্ৰপাতলৈ যোৱা সকলো ব্যক্তিগত বাহনৰ চলাচলো নিষিদ্ধ কৰা হৈছে।
বিশেষ বাৰ্তা ,নগাঁও ,৬ আগষ্ট, ২০২৫