নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক গ্ৰেপ্তাৰৰ পিছতেই পঞ্জীয়কৰ কাৰ্যালয়, পিতৃগৃহ-ভাতৃগৃহত ব্যাপক তালাচী

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰক আজি গুৱাহাটীৰ চানমাৰিত থকা বাসগৃহৰ পৰা মুখ্যমন্ত্ৰীৰ তদাৰক আৰু দূৰ্নীতি নিবাৰকৰ অভিযানে আটক কৰাৰ পিছত বিষয়টো লৈ বজালীত ব্যাপক চৰ্চা লাভ কৰিছে৷ বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিৰ্বান শৰ্মা আৰু উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ পঞ্জীয়কগৰাকীৰ কাৰ্যালয়ত তালাচী চলায়৷ আৰক্ষীৰ দলটিয়ে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ প্ৰতিটো দিশ তন্ন তন্নকৈ বিচাৰ খোচাৰ কৰি বিভিন্ন নথি পত্র পৰীক্ষা কৰে আৰু পঞ্জীয়কৰ কাৰ্যালয়টো চীল কৰি দিয়ে৷ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত আজি সন্ধিয়া ড৹ গুৰু প্ৰসাদ খাটনিয়াৰৰ বজালীৰ নিত্যানন্দ খাটনিয়াৰপাৰাস্থিত তেওঁৰ পিতৃ গৃহ আৰু পাঠশালা নগৰৰ শান্তিপুৰস্থিত তেওঁৰ ভাতৃ গৃহতো তালাচী চলায়৷ উল্লেখ যে পাঠশালাৰ সমীপৰ নিত্যানন্দৰ খাটনিয়াপাৰাত জন্মগ্ৰহন কৰা তথা গুৱাহাটী চান্দমাৰী নিবাসী খাটনিয়াৰে যোৱা ১ জুনত ভট্টদেৱ বিশ্ববিদ্যালয়ত পঞ্জীয়ক হিচাবে যোগদান কৰিছিল৷ বিশ্ববিদ্যালয়খনত মাত্ৰ দুমাহ নৌহওঁতেই আজি DGP GP Singh টুইট যোগে ভট্টদেৱ বিশ্ববিদ্যালয় পঞ্জীয়কগৰাকী আটক কৰা কথা সদৰি কৰাৰ পিছতেই বিষয়টো লৈ বিভিন্ন দল সংগঠনে তথা বজালীৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আজি অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মৃদুল তালুকদাৰে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ কয় আজি মুখ্যমন্ত্ৰীৰ তদাৰক আৰু দূৰ্নীতি নিবাৰকৰ অভিযানে পঞ্জীয়ক এগাৰকীক আটক কৰাটো বজালীৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক ঘটনা৷ শিক্ষানগৰী হিচাবে পৰিচিত এনেকুৱা ঘটনাই বজালীক বাৰুকৈ লজ্জিত কৰিলে বুলি অভিযোগ কৰে মৃদুল তালুকদাৰে ৷ আনহাতে যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি বিশ্ববিদ্যালয়খনত সঘনাই লবী কেন্দ্ৰীক ঘটনাই একাংশ শিক্ষক কৰ্মচাৰী অতিষ্ঠ হোৱা বুলিও জানিবলৈ দিয়ে৷ ইয়াৰোপৰি উপাচাৰ্য্যগৰাকীয়ে বিশ্ববিদ্যালয়ৰ আন্তগাঁথনিৰ কাম কাজ বোৰত ঠিকা প্ৰদান কৰাৰ বাবে গুৱাহাটী বা অন্য আদি ঠাইৰ আদি ব্যক্তিক বেছি প্ৰাধান্য দিয়া বুলি ব্যক্ত কৰি তেওঁ কয় যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰৰ লগতে বিশ্ববিদ্যালয়খনৰ উন্নয়ন মুলক কামত জড়িত হৈ দুৰ্ণীতিৰ আশ্ৰয় লোৱা ৰৌ বৰালী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে তদন্তকাৰী বিষয়াসকলক নিৰপেক্ষ তদন্তৰ আহ্বান জনায়৷ ইপিনে প্ৰাক্তন ছাত্ৰনেতা তথা সমাজকৰ্মী ফণী পাঠকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বজালীক কলংকিত কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ দাসে বজালীৰ শিক্ষাৰ জগতখনৰ কলা অধ্যায় সৃষ্টি কৰিলে। তেওঁক কঠোৰতম শাস্তি দিয়াৰ বাবে পাঠকে চৰকাৰক দাবী জনায়৷ পঞ্জীয়ক গৰাৰীয়ে অকলে এনেকুৱা দুৰ্ণীতি কৰিছে নে ইয়াৰ অন্তৰালত বৃহৎ চক্ৰ লুকাই আছে তাৰ তদন্ত কৰিবলৈও চৰকাক আহ্বান জনাইছে৷ আনহাতে বজালীৰ বহু লোকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰিছে৷ এগৰাকী নিকা ভাৱমূৰ্তিৰ ব্যক্তি হিচাপে পৰিচিত ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰক ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ কৰা ঘটনাক সহজভাৱে লব পৰা নাই তেওঁৰ জন্ম গাওঁৰ ৰাইজৰ লগতে বজালীৰ বিভিন্ন মহলে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like