নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ যোৱা সোমবাৰে মাত্ৰ এদিনৰ বাবে হোৱা পহুমাৰা নদীৰ বানত সম্পূৰ্ণৰূপত ধ্বংসস্তূপত পৰিণত হল বজালীৰ এটা কেবা কোটিটকীয়া অতি ব্যস্ত গুৰুত্বপূৰ্ণ পথ। লোকনিৰ্মাণ বিভাগে মাত্ৰ দুবছৰ পূৰ্বেই নিৰ্মাণ কৰিছিল দেখাত অতি সুন্দৰ পথটো৷ কিন্তু যোৱা সোমবাৰে পহুমৰা নৈয়ে নয়াপাৰাত পুনৰ ৰিংবান্ধ ভাঙি সৃষ্টি কৰা বানৰ ফলত ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ’ল৷ বজালী জিলা সদৰ পাঠশালাৰ সমীপৰ ডেনাট্টাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ছাড়ালপাৰা হৈ পহুমাৰাৰ মথাউৰিলৈ যোৱা এই পথটো নিৰ্মাণৰ সময়ত বিভাগে ইয়াৰ পানী ওলাই যাব পৰা সুঁতিসমুহ বন্ধ কৰি দি কোনো ধৰণৰ পানী ওলাই যোৱা কালভাৰ্ট নৰখাই যেন কাল হ’ল পথটোৰ বাবে। কোনো ফালেৰে পানী ওলাই যাব নোৱাৰি পথটোৰ কেইবাঠাইটো পথৰ ওপৰেদিয়েই পানী বাগৰি ছিঙি পেলাই একপ্ৰকাৰ তচনচ কৰি পেলায়। পথটো চিঙি চাৰালপাৰাৰে হোৰা হোৰে পানী সোমাই বহু পৰিয়ালৰ ঘৰ-সম্পত্তি নিমিষতে উটুৱাই লৈ যায়। পথটো বানত ছিঙি বৃহত বৃহত গাঁতৰ সৃষ্টি হোৱাৰ ফলত এতিয়া এই অঞ্চলৰ যাতায়াত সম্পূৰ্ণৰূপত বন্ধ হৈ পৰিছে।
প্ৰেৰকঃ কল্যাণ কলিতা
Next Post
You might also like