নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী আৰক্ষীৰ অভিযানঃ ৯২.৫৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ বজালী জিলাৰ মাহতলী গাঁৱত এক গোপন সূত্ৰৰ পম খেদি আজি আৰক্ষীয়ে ৯২.৫৫০ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে৷ বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ পৰা জানিব পৰা অনুসৰি এক নিৰ্ভৰযোগ্য তথ্যৰ আধাৰত আজি বজালী আৰু নলবাৰী আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অধীনৰ মাহতালী গাঁওত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ মাহতালী গাঁৱৰ প্ৰয়াত গণেশ দাসৰ ৫২ বছৰ বয়সীয়া পুত্ৰ কৈলাস দাসৰ দোকানত তালাচী অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে দোকানখনৰ পৰা ৯২.৫৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে৷ আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ পিছতে কৈলাশ দাসৰ আটক কৰে আৰু তদন্ত অব্যাহত ৰাখিছে৷
প্ৰেৰক: কল্যাণ কলিতা

You might also like