নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া যোগাভ্যাসে সুস্থ সমাজ গঢ়ি তোলেঃ দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২২ জুনঃ অষ্টম সংখ্যক আন্তঃৰাষ্ট্রীয় যোগ দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে ডিগবৈ মহাবিদ্যালয়তো উদযাপন কৰা হয় আন্তঃৰাষ্ট্রীয় যোগ দিৱস৷ ডিগবৈ মহাবিদ্যালয়ৰ যোগ–ধ্যান কেন্দ্র আৰু এন এছ গোটৰ সহযোগত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় যোগ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ জনপ্রিয় সাহিত্যিক তথা ভাৰতীয় আধ্যাত্মিক ইতিহাসৰ পুৰুধা ব্যক্তি দিগন্ত বিশ্ব শর্মা ৷ অনুষ্ঠানত শর্মাই যোগৰ প্রয়োজনীয়তা আৰু উপকাৰিতাৰ বিষয়ে গুৰুত্বপূর্ণ বক্তব্য আগবঢ়ায়৷ শর্মাৰ বক্তব্যহ আপ্লুত কৰিলে সহস্রাধিক ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রীক ৷ জীৱনত শৰীৰ আৰু মনৰ সুস্থতাৰ বাবে নিয়মিতভাৱে যোগাভ্যাস কৰাৰ গুৰুত্ব উল্লেখ কৰি শর্মাই যোগাভ্যাসৰ জৰিয়তে এজন ব্যক্তিয়ে নিজকে সুস্থ কৰি ৰাখিব পাৰে বুলি কয়৷ অতীতৰে পৰা বিশ্বত যোগাভ্যাস চলি আহিছে আৰু চলি থাকিব৷ নিয়মীয়া যোগাভ্যাসেহে এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰে বুলি মন্তব্য কৰে সাহিত্য অকাডেমিৰ অনুবাদক বঁটাপ্রাপক সাহিত্যিকগৰাকীয়ে৷ অনুষ্ঠানত ডিগবৈ মহাবিদ্যালয় যোগ–ধ্যান কেন্দ্রৰ দ্বাৰা প্রশিক্ষণ গ্রহণ কৰা শিক্ষার্থীসকলৰ দ্বাৰা যোগাসন প্রদর্শন কৰে৷ অনুষ্ঠানত ডিগবৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিতেন্দ্র নাথ শর্মা, অধ্যক্ষ দ্বীপ শহকীয়া,উপাধ্যক্ষ অৰুণ চন্দ্র দত্ত, যোগগুৰু সুখময় নাথ উপস্থিত থাকে৷

ইপিনে আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত যোগ শিবিৰৰ লগতে বিশেষ বত্তৃণতা অনুষ্ঠান অনুষ্ঠিত হয়৷ এই বত্তৃণতা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শর্মা৷ তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ এন চি চি শাখা, এন এছ এছ শাখা, আইকিউএচি আৰু টিচিচিএছইউ শাখাৰ উদ্যোগত আৰু বিবেকানন্দ কেন্দ্র স্বাস্থ্য সেৱা সদনৰ সহযোগত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ বিষয়ত এক বত্তৃণতা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ চৈতন্য বৰাই৷ এই অনুষ্ঠানত এঘণ্টাজুৰি যোগসত্র সঞ্চালনা কৰে তিনিচুকীয়া বিবেকানন্দ কেন্দ্রীয় বিদ্যালযে৷ অনুষ্ঠানৰ আঁত ধৰে ড০ সদানন্দ নাথে৷ মুখ্য অতিথি ৰূপে উপস্থিত থকা দিগন্ত বিশ্ব শর্মাই ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁৰ বহুমূলীয়া ভাষণ আগবঢ়ায়৷ তেওঁ যোগ সাধনাৰ যোগেদি কেনেকৈ জীৱনৰ পৰিপূর্ণতা লাভ কৰিব পাৰি তাৰ বিষয়ে তেওঁ বিশদভাৱে সুন্দৰ বত্তৃণতা আগবঢ়ায়৷ তেওঁৰ বত্তৃণতাই সকলোকে মন্ত্রমুগ্ধ কৰি তোলে৷ অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াহ মহাবিদ্যালয়খনৰ উপাধ্যক্ষা শিখাৰাণী দত্তই৷ এই সভাত মহাবিদ্যালয়খনৰ সকলো শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রী লগতে তিনিচুকীয়াৰ বিশিষ্ট ব্যক্তিও উপস্থিত থাকে৷

You might also like