নাজিৰাৰ সমীপৰ চেৰেকাপাৰ বগৰীতলত যোৱানিশা ১০.১৫ বজাত ৰাজপথত উদ্ধাৰ হয় এটা বৰকাছ।
জনা মতে, বিশ্বজিৎ বৰঠাকুৰসহ কেইজনমান ব্যক্তিয়ে শিৱসাগৰৰ পৰা গাড়ীত আহি থকা অৱস্থাত চেৰেকাপাৰ বগৰীতলৰ পথৰ মাজত বৰকাছটো দেখা পাই গাড়ী ৰখাই স্থানীয় আৰক্ষী চকীত খবৰ দিয়ে ।
লগে লগে চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষী দলৰ লগতে স্থানীয় পাৰ্থ কোঁৱৰ, বিষ্ণু চেতিয়া আৰু পলাশ গগৈ যথাস্থানত উপস্থিত হৈ বৰকাছটো উদ্ধাৰ কৰি ঐতিহাসিক ধোৱা পুখুৰীত মুকলি কৰি দিয়ে ।