নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজ্জ্বল অংকুৰে নৈতিক দায়িত্ব স্বীকাৰ কৰি সাঃ সম্পাদকৰ পদো ত্যাগ কৰক : আছু

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰঃ দেশ কঁপাই যোৱা নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত নাৰকীয় ৰেগিং কাণ্ডৰ উচ্চ স্তৰীয় এন্টি ৰেগিং কমিটিৰ প্ৰতিবেদনত গৰজি উঠিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা গোটে। ন্যায় প্ৰদানৰ ক্ষেত্ৰত বৈষম্য আৰু পক্ষপাতিত্বমূলক আচৰণ কৰাৰ বাবে ক্ষুব্ধ হৈ পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুগোট।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসন, উচ্চ স্তৰীয় তদন্ত কমিটিৰ প্ৰতিবেদন তথা ৰেগিং কমিটিৰ প্ৰতিবেদনত মুঠেই সন্তুষ্ট নহয় বিশ্ববিদ্যালয়ৰ আছু গোট। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুৰ কাৰ্যালয়ত  সংবাদ মেলৰ আয়োজন কৰি কয় ছাত্ৰ একতা সভাৰ সভাপতি জিতু দাসে কয় যে যোৱা ২৬ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত নাৰকীয় তথা জঘন্য ৰেগিং কাণ্ডৰ গৰিহনা দিয়াৰ লগতে দোষীসকলৰ ওপৰত এক উচিত শাস্তিমূলক ব্যৱস্থা লোৱাৰ লগতে ইয়াৰ এক সুমীমাংসা কৰি তদন্তৰ বাবে দাবী জনাইছিলো আৰু আমি আশা প্ৰকাশ কৰিছিলো যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তদন্ত কৰি ২৫ ডিচেম্বৰত প্ৰতিবেদন ৰাজহুৱাভাবে দাখিল কৰাৰ মত প্ৰকাশ কৰি নিৰ্দেশনা জাৰি কৰিছিল।

কিন্তু আজি এমাহ পৰ্যন্ত উকলি গ’ল যদিও বৰ্তমানলৈকে উক্ত প্ৰতিবেদন দাখিল বা ৰাজহুৱা নকৰিলে বুলি অতি ক্ষোভৰে ব্যক্ত কৰে সভাপতি জিতু দাসে।তেওঁ সংবাদমেলত কয় যে যোৱা ২৭ নৱেম্বৰৰ পৰা আজি পৰ্যন্ত এমাহ উকলি গ’ল কিন্তু ৰেগিং কাণ্ডৰ প্ৰতিবেদন ৰাজহুৱা কৰাত চুড়ান্তভাবে ব্যৰ্থ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।বিশ্ববিদ্যালয় নিৰ্দেশনা জাৰি কৰিও প্ৰতিবেদন ৰাজহুৱা নকৰাৰ ৰসহ্য কি বুলি অগ্নিশৰ্মা হৈ পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট। সংবাদ মেলত অতি দুখ আৰু ক্ষোভৰে কয় যে ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাই আইচিইউ বিছনাৰ পৰাই বাৰে বাৰে সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ নাম উল্লেখ কৰি, মবাইল কাঢ়ি লোৱাৰ অভিযোগ আনিছিল যদিও বিশেষ শাস্তি নাপালে।

বৰঞ্চ কালি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা এক জাননী যোগে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গৰাকীক কেবল বিশ্ববিদ্যালয়ৰ ছাত্ৰবাসৰ পৰা বহিস্কাৰ কৰিয়েই দায়িত্ব সামৰিলে। তেওঁক শৈক্ষিক বৰ্ষ বা বিশ্ববিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰা হোৱা নাই।কেবল সিমানেই নহয়,আনকি উজ্জল অংকুৰ বৰাক সাধাৰণ সম্পাদকৰ পদৰ পৰাও খাৰিজ কৰা হোৱা নাই। মাত্র হোষ্টেলৰ পৰা বহিষ্কাৰ কৰি তেওঁ প্ৰতি এনে দৰদ,অহৈতুক প্ৰীতি হোৱাৰ কাৰণ কি বুলি সংবাদমেলত সজোৰে প্ৰশ্ন কৰে।

বিশ্ববিদ্যালয়খনৰ মনিৰাম দেৱান ছাত্ৰবাসৰ ১৯ জন ছাত্ৰক একপক্ষীয় সিধান্তৰে বহিষ্কাৰ কৰা হল! পিএনজিবি ছাত্ৰবাসৰ ৮ জনকৈ ছাত্ৰক কাৰাগাৰালৈ নিক্ষেপ কৰা হল! ২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ এগৰাকী সহকাৰী সাধাৰণ সম্পাদকক সাধাৰণ তৰ্কযুদ্ধৰ বাবেই ২ বছৰৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হল! কিন্তু বৰ্তমানৰ সাধাৰণ সম্পাদকগৰাকীৰ নাম ৰেগিঙত ভুক্তভুগীয়ে স্পষ্টভাবে উল্লেখ কৰাৰ পাছতো কিয় তেওঁৰ প্ৰতি এই দৰদ?কিয় বিশ্ববিদ্যালয় প্রশাসনে কেবল হোষ্টেলৰ পৰা বহি:স্কাৰ কৰিয়েই দায়িত্ব সামৰিলে?কিয় তেওঁৰ প্ৰতি ইমান সহমৰ্মিতা?ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই ভয় নেকি? ইত্যাদি ইত্যাদি প্ৰশ্ন উথাপন কৰে বিশ্ববিদ্যালয়ৰ আছু গোটে।

সেয়ে এনে ঘটনাই পুনৰ বিশ্ববিদ্যালয়খনত ৰেগিঙৰ ঘটনাক উদগনি জনোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি আছু নেতৃত্বই মত প্ৰকাশ কৰি কয় যে তদন্তৰ প্ৰক্ৰিয়াত বহু ৰসহ্যৰ স্বৃষ্টি হৈছে।এনে তদন্তত মুঠেই সুখী নহয় বুলি সদৰী কৰি ৰেগিং কাণ্ডত জৰিত এজন ছাত্ৰই কেতিয়াও ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰিব নোৱাৰে বুলি উল্লেখ কৰি সাধাৰণ সম্পাদক গৰাকীৰ বিৰুদ্ধে যথোপযুক্ত বিশেষ শাস্তি গ্ৰহণ নকৰিবলৈ ৰাজনৈতিক হেঁচা পৰাৰো সন্দেহ প্ৰকাশ কৰে আছু গোটে।এনে ক্ষেত্ৰত তীব্র অসন্তোষ্টি ব্যক্ত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত আছুৱে এই ক্ষেত্ৰত সদায়ে মাত মাতি যাব বুলি হুংকাৰ প্ৰদান কৰে।

আছুৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কিছুমান ছাত্ৰই এই ভয়ংকৰ ৰেগিং ঘটনাৰ পাছতেই অনিশ্চাস্বত্বেও বিশ্ববিদ্যালয় এৰিব লগা পৰিস্থিতিৰ স্বৃষ্টি হৈছে।কোনোবাই বিশ্ববিদ্যালয়ৰ শ্ৰেণী কোঠাৰ পৰা কাৰাগাৰৰ অন্ধকোঠত আছে।কিন্তু উজ্জ্বল অংকুৰ বৰাৰ ক্ষেত্ৰত কিয় এনে ন্যায়? বালীলৈ যি পাত শৰ, সুগ্ৰীৱলৈ সেইপাট শৰ কিয় মাৰিব নোৱাৰিলে বুলিও বিশ্ববিদ্যালয়ৰ প্ৰশাসনক প্ৰশ্ন কৰে আছুৱে।উজ্জ্বল অংকুৰ বৰাক,ছাত্ৰ সমাজে কেতিয়াও বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে গণ্য নকৰে বুলি আজি ঘোষণা কৰে সংবাদ মেলত।

গুৰু দোষত লঘু শাস্তি পালেও ইতিমধ্যেই দোষী সাব্যস্ত হোৱা উজ্জ্বল অংকুৰ বৰাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী কৰি বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটি, বিশ্ববিদ্যালয়ৰ উচ্চ স্তৰীয় কমিটি আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছু নেতৃত্ববৃন্দই। স্বাভাবিকতেই বিশ্ববিদ্যালয়খনত বাহ্যিক দৃষ্টিত স্বাভাবিক অবস্থাই বিৰাজ কৰিলেও কিন্তু ভিতৰি জ্বলি থকা উমি উমি জুই এতিয়াও নিৰ্ব্বাপন হোৱা নাই!

প্ৰেৰক বিভাস দুৱৰা

You might also like