নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত গাঁওৰক্ষী বাহিনীৰ অৱসৰী চক্ৰ বিষয়াৰ মৃত্যুত শোক

নিয়মীয়া বাৰ্তা,  ৬ মে’ : নগৰবেৰা আৰক্ষী থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ অৱসৰী চক্ৰ বিষয়া (চিঅ’ভিডিঅ’) আবুল কালাম আজাদ (৬৫)ৰ আজি পুৱতি নিশা আকস্মিকভাৱে নগৰবেৰাৰ নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে | নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত গাঁওসমূহৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছু বছৰ পূৰ্বে তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে | আজি পুৱতি নিশা নিজ গৃহত হৃদযন্ত্ৰৰ বিকলতাৰ বাবে তেওঁৰ আকস্মিক বিয়োগ ঘটা বুলি জানিব পৰা গৈছে | এগৰাকী অমায়িক স্বভাৱৰ লোক আৰু চাকৰি কালত অঞ্চলটোৰ সকলোৰে মাজত তেওঁ অতি প্ৰিয় আছিল | মৃত্যুৰ সময়ত পত্নী ,পুত্ৰ, কন্যাক এৰি যোৱা আবুল কালাম আজাদৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে | আত্মীয়-স্বজন তথা বহু গুণমুগ্ধৰ উপস্থিতিত স্থানীয় কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like