নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনিয়াৰ অৱসৰী শিক্ষক আলহাজ আলী আকবৰৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৬ মে’ : বৰপেটাৰ জনিয়াৰ ছালেকুৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক, জনিয়া আঞ্চলিক জামে মছজিদৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন জনিয়া প্ৰাথমিক শিক্ষক সন্মিলনী কেন্দ্ৰ সভাৰ সম্পাদক আলহাজ আলী আকবৰে দেওবাৰে পুৱা আনুমানিক ৩ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে ৬৯ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। এগৰাকী সমাজহিতৈষী ব্যক্তি হিচাপে অৱসৰী শিক্ষকগৰাকী সমাজৰ প্ৰতিটো উন্নয়নমূলক কামৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। সেয়ে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বিয়োগত এতিয়া স্বাভাৱিকতে শোকাহত বৃহত্তৰ জনিয়াবাসী । কেইবাসহস্ৰ লোকৰ উপস্থিতত জনিয়া হাইস্কুল খেলপথাৰত তেওঁৰ জানাজাৰ নামাজ আদায় কৰি জনিয়া আঞ্চলিক কবৰস্থানত কবৰস্থ কৰা হয়। ইফালে, আলহাজ আলী আকবৰৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে সহধৰ্মিণীসহ পাঁচগৰাকী পুত্ৰ সন্তান, এগৰাকী কন্যা, বোৱাৰীৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি যায় ।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like