নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালাকুৰাত হিতাধিকাৰীক চাউল প্ৰদান নকৰি ৰেচন কাৰ্ডত উল্লেখ কৰাৰ অভিযোগ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ ধুবুৰী জিলাৰ হালাকুৰা সমবায় সমিতিৰ অধীনত থকা বাউসেৰ কুটি গাওঁৰ সুলভ মূল্যৰ দোকানী জয়নাল হকে হিতকাৰী সকলক খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কার্ডত উল্লেখ কৰি চাউল প্ৰদান নকৰা বুলি হকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। সেহে ৰেচন কাৰ্ডৰ গৰাকী সকলে গাওঁ খনৰ এখন বিদ্যালয়ৰ সন্মুখত কাৰ্ড দেখুৱাই মৌন ভাবে প্ৰতিবাদ কৰে। অভিযোগ মতে, প্ৰায় ২৬৫ টা ৰেচন কাৰ্ড থকা গাওঁ খনৰ সুলভ মূল্যৰ দোকানী জয়নাল হকে যোৱা জুলাই মাহৰ প্ৰধান মন্ত্ৰীৰ অন্ন সুৰক্ষা আঁচনিৰ চাউল আগষ্ট মাহৰ ৫ তাৰিখৰ পৰা হিতকাৰী সকলক প্ৰদান কৰি ৰেচন কাৰ্ডত উল্লেখ কৰে যদিও একে চাউলৰ হিচাবটো কৌশল কৰি পাৰ হৈ যোৱা জুলাই মাহৰ ২৪ তাৰিখ বুলি ৰেচন কাৰ্ডত লিখি দিয়ে। ফলত এবাৰ চাউল দি দুই বাৰ ৰেচন কাৰ্ডত উল্লেখ কৰি সুলভ মূল্যৰ দোকানী হকে চাউল চুৰি কৰি বিক্ৰী কৰাৰ অভিসন্ধি ধৰা পেলাই অৰ্ধ শতাধিক হিতকাৰীয়ে প্ৰতিবাদ কৰে। ইয়াৰ পূৰ্বেও কেইবাবাৰো হিতকাৰীক চাউল প্ৰদান নকৰি চোৰাং ভাবে বংগ লৈ প্ৰেৰণ কৰে বুলি ৰাইজে অভিযোগ কৰে। অৱশ্যে ৰাইজৰ অভিযোগ অস্বীকাৰ কৰে সুলভ মূল্যৰ দোকানী জয়নাল হকে।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like