নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২-২৩ আগষ্টত নাহৰকটীয়া আছুৰ সাধাৰণ অধিৱেশন: লাইখুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন

বিশেষ বাৰ্তা, ১১ আগষ্ট: অহা ২২ আৰু ২৩ আগষ্টত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হবলগীয়া নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ত্ৰয়োবিংশতম সাধাৰণ অধিৱেশনৰ কালি লাইখুটা স্থাপন কৰা হয়। উদযাপন সমিতিৰ সভাপতি তথা নাহৰক টীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰমেশ নাহৰডেকাই অসমীয়া গাঁৱৰ গায়ন বায়ন দলৰ ধৰ্মীয় কাৰ্যসূচীৰ মাজত লাইখুটা স্থাপন কৰা এই কায্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তচেন ডেকা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত কোঁৱৰ, মুখ্য সাংগঠনিক সম্পাদক বিতোপন গগৈ আদিকে ধৰি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতীম গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া শাখা আদিকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক সমাজকৰ্মী আদি উপস্থিত থাকি অসমৰ ভিতৰতে অন্যতম শক্তিশালী নাহৰকটীয়া আঞ্চলিকৰ আগন্তুক অধিৱেশন খনিৰ সফল উদযাপন কামনা কৰাৰ লগতে উক্ত অধিৱেশনতে গঠন হবলগীয়া নতুন সমিতি খনেও অসমৰ জাতীয় জীৱনৰ লগতে শিক্ষা ক্ষেত্ৰত সবল বাবে মাত মাতি যাব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like