নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিৰ হনুমান মন্দিৰত মহাআৰতি ৰিণিকি ভূঞা শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ সকলোৰে মংগল কামনা কৰি আজি হনুমান জয়ন্তী উপলক্ষে গণেশগুৰিস্থিত হনুমান মন্দিৰত আৰতি ভাগ লয় প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। দিনৰ ১২.০৫ বজাত শৰ্মা উপস্থিত হোৱাৰ পিছতে মন্দিৰ কৰ্তৃপক্ষই তেওঁক আদৰি লৈ যায়। প্ৰথমে গণেশগুৰিৰ গণেশ উদ্যানৰ মঞ্চত অস্থায়ীভাৱে স্থাপন কৰা হনুমানৰ মূৰ্তিৰ সন্মুখত তেওঁ আৰতি কৰে। ইয়াৰ পিছতে তেওঁ গণেশ উদ্যানত থকা মূল হনুমান মন্দিৰৰ বিগ্ৰহৰ সন্মুখত ধৰ্মীয় ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰে। ইয়াৰ পিছতে হনুমান জয়ন্তী উপলক্ষে সমৱেত হোৱা ভক্তসকলক সম্বোধন কৰি তেওঁ সকলোকে হনুমান জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰে। লগতে প্ৰভু হনুমানে সকলোৰে মংগল কৰাৰ লগতে দীৰ্ঘায়ু কৰাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ কয়, হনুমান জয়ন্তীত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো। সুন্দৰকৈ যাতে বছৰটো পাৰ কৰাই লৈ যায়। গণেশ উদ্যানৰ সৈতে ২০০১ চনৰ পৰাই জড়িত হৈ আছোঁ। এই উদ্যানত ভিন্ন সম্প্ৰদায়ৰ পূজা-উৎসৱ, বিহু অনুষ্ঠান আদি অনুষ্ঠিত হৈ আহিছে। গণেশ মন্দিৰ ন্যাসৰ অধীনত মন্দিৰটো প্ৰতিষ্ঠিত হৈছে। ইয়ালৈ আহি এইবাবেই ভাল লাগিছে যে এতিয়া প্ৰভু হনুমানক প্ৰতিষ্ঠা কৰিছে। ছালাছাৰ বাবাক আমাৰ ওচৰলৈ লৈ আহিছে। যিসকলে ছালাছাৰ বাবাৰ ওচৰলৈ যাব পৰা নাই বা সময় মিলাব পৰা নাই, তেওঁলোকে ইয়াতেই ছালাছাৰ বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে মাৰুতি মণ্ডল দিছপুৰ আৰু গণেশ মন্দিৰ ন্যাসৰ উদ্যোগত হনুমান মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। আজি হনুমান জয়ন্তী উপলক্ষে পুৱাৰে পৰা মন্দিৰটোত ভক্তৰ ভিৰ পৰিলক্ষিত হয়। চাকি-বন্তি, ধূপ-ধূনা জ্বলাই ভক্তসকলে প্ৰভু হনুমানৰ আশীৰ্বাদ গ্ৰহণ কৰে। এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰিণিকি ভূঞা শৰ্মাই মহাআৰতিত ভাগ লয়। হনুমান জয়ন্তী উপলক্ষে গণেশ উদ্যানৰ শ্ৰীশ্ৰীহনুমান মন্দিৰ চৌহদত কেইবাটাও ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়।

You might also like