নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত মোদীৰ ৯০ ছেকেণ্ডৰ ভাষণত আতংক কংগ্রেছ-ইণ্ডি জোঁটত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ লোকসভা নির্বাচন উপলক্ষে বিজেপি নেতৃত্বাধীন এনডিএৰ প্রচাৰৰ নেতৃত্ব বহন কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক্রমাগত দ্বিতীয় দিনৰ বাবে ৰাজস্থানত নির্বাচনী প্রচাৰ চলায়৷ কালি ৰাজ্যখনৰ বংশৱাৰাত নির্বাচনী প্রচাৰ চলাই বিৰোধী কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজিও টংকত বিশাল নির্বাচনী সমাৱেশত কংগ্রেছ আৰু বিৰোধী ঐক্য ইণ্ডি জোঁটত কঠোৰ ভাষাৰে সমালোচনা কৰে৷ লোকসভা নির্বাচনত কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লোৱা প্রধানমন্ত্রী মোদীয়ে আজি টংকত কংগ্রেছৰ শাসনৰ সময়ত হনুমান চালিচা শুনাটোও অপৰাধ আছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ টংক–চাৱাই মাধুপুৰত আয়োজিত সমাৱেশত প্রধানমন্ত্রীগৰাকীয়্ প্রথমবাৰৰ বাবে ৰাজস্থানত উলিওৱা ৰাম নৱমী শোভাযাত্রাৰ প্রসংগ উল্লেখ্যৰে কংগ্রেছক আক্রমণ কৰে৷ যিখন ৰাজ্যত জনতাই ৰাম ৰাম ধ্বনি দিয়ে সেইখন ৰাজ্যত কংগ্রেছে ৰাম নৱমী নিষিদ্ধ কৰিছিল বুলি সমালোচনা কৰে প্রধানমন্ত্রীগৰাকীয়্৷ শতিকা পুৰণি দলটোক আক্রমণ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আজি হনুমান জয়ন্তীত আপোনালোকৰ কিছুদিন আগৰ এখন আলোকচিত্র মনলৈ আহিব৷ কিছুদিন পূর্বে কংগ্রেছ শাসিত কর্ণাটকত এজন দোকানীক হনুমান চালিচা দোকানত বহি শুনি থকাৰ বাবে নির্মমভাৱে অত্যাচাৰ কৰা হৈছিল৷ কংগ্রেছৰ শাসনকালত ৰাজস্থানত মহিলাৰ ওপৰত নির্যাতন চলোৱা এক নম্বৰ ৰাজ্য আছিল৷ ৰাজস্থান বিধানসভাত কংগ্রেছে এই সন্দর্ভত নির্লজভাৱে আন ৰাজ্যৰ মহিলা নির্যাতনৰ ওপৰত সমালোচনা কৰিছিল৷ ইপিনে ৰাজস্থানৰ এখন সভাত প্রধানমন্ত্রী মোদীয়ে কংগ্রেছে দেশৰ মহিলাৰ মংগলসূত্র কাঢ়ি নিব বুলি কোৱা বিতর্কিত মন্তব্যক লৈ প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে আজি প্রধানমন্ত্রী মোদীয়ে আত্মপক্ষ সমর্থন কৰি পুনৰ কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লয়৷ ৯০ ছেকেণ্ডৰ ভাষণেই কংগ্রেছ আৰু ইণ্ডি জোঁটক শংকিত কৰি তুলিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কংগ্রেছ আৰু ইণ্ডি জোঁটৰ সত্যতা দেশবাসীৰ আগত দাঙি ধৰাৰ বাবেই দলকেইটা শংকিত হৈ পৰিছে৷

You might also like