নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী সমষ্টিৰ মান্দাকাটাত ৰিণিকি ভূঞা শৰ্মা, ৩ শতাধিকৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আজি জালুকবাৰী সমষ্টিৰ মান্দাকাটাৰ এখন মহিলা সমোৰোহত অংশগ্ৰহণ কৰে ৰিণিকি ভূঞা শৰ্মাই। অঞ্চলটোৰ ৰাইজে গায়ন-বায়নসহ বাইক ৰেলীৰে বিশিষ্ট সমাজসেৱীগৰাকীক আদৰি নিয়ে সভাস্থলীলৈ।

শৰ্মাই সভাত অঞ্চলটোৰ ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। অনুষ্ঠানত বিশিষ্ট সমাজসেৱী শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানতে কংগ্ৰেছৰ নেতাসহ প্ৰায় তিনি শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। সকলো নতুন সদস্য-সদস্যাক ৰিণিকি ভূঞা শৰ্মাই গেৰুৱা বসন পিন্ধাই দললৈ স্বাগতম জনায়।

You might also like