নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদীয়মান অভিনেতা-ইউটিউবাৰ অংকুৰৰাজ শৰ্মাৰ প্ৰাণহানি

🔹 শিৱসাগৰ দৰিকাপাৰত নিশা শোকাৱহ পথ দুৰ্ঘটনা
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : য’তেই যাওক, এটা হাঁহি লগত লৈ যাওঁক ৷ সামাজিক মাধ্যমত কোনোবা এদিন দিয়া এই ভাল লগা পোষ্টটোৰ গৰাকী তথা অভিনেতা-ইউটিউবাৰ অংকুৰৰাজ শৰ্মাই অৱশেষত মুখত এটা মিঠা হাঁহি লৈয়েই অচিন দেশলৈ গুচি গ’ল ৷ কালি নিশা শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰিকাপাৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত অংকুৰৰাজ শৰ্মা নামৰ উদীয়মান অভিনেতা-জনপ্ৰিয় ইউটিউবাৰজনে থিতাতে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ জিলাখনতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ৷ জীৱনৰ মাত্ৰ ২৭টা বৰ্ষ স্পৰ্শ কৰা অংকুৰৰাজ শৰ্মাই সামাজিক মাধ্যমৰ পৃথিৱীখনৰ লগতে সাংস্কৃতিক পথাৰখনতো বিচৰণ কৰাৰ সমান্তৰালকৈ বাসগৃহৰ পদূলিতে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি স্বাৱলম্বিতাৰ পৰিচয় দিছিল ৷ প্ৰাপ্ত বাতৰি মতে, চহৰৰ মাজমজিয়াৰ গণকপট্টি নিৱাসী অংকুৰে কালি নিশা ব্যৱসায়িক কামৰ বাবে নিজৰ এ এছ-০৩ কিউ-৭০৪৮ নম্বৰৰ বুলেটখনেৰে বেতবাৰীলৈ গৈছিল ৷ ইয়াৰ পিছত পুনৰ একে পথেৰে উলটি অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ এন আৰ এল পেট্ৰল পাম্পৰ সমীপত পথৰ কাষত সংকেতবিহীনভাৱে ৰখাই থোৱা এ এছ-০৪ বি চি-৪৫৮৫ নম্বৰৰ টাটা মেজিকখনৰ সৈতে দুৰ্ঘটনাত পতিত হয় ৷ ফলত মূৰ-বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অংকুৰ সেই স্থানতেই বাগৰি পৰে৷ অৱশ্যে কেইগৰাকীমান পথচাৰী আৰু এগৰাকী ই-ৰিস্কাৰ চালকে আঘাতপ্ৰাপ্ত অংকুৰক চিনি পাই ততাতৈয়াকৈ সমীপতে থকা সম্প্ৰীতি নামৰ ব্যক্তিগত নাৰ্ছিং হোমখনত ভৰ্তি কৰায় যদিও চিকিৎসক নথকাত ঘূৰাই পঠায়৷ লগে লগেই গুৰুতৰভাৱে আহত অংকুৰক তেনে অৱস্থাতে গণকপট্টিৰ বাসগৃহলৈ নি ১০৮ জৰুৰী সেৱাৰ যোগেদি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ উল্লেখ্য যে  দুটা বছৰ পূৰ্বলৈকে ৰাজ্যখনৰ ভিতৰতে অন্যতম জনপ্ৰিয় টিকটকৰ অভিনেতা হিচাপে পৰিচিত হৈ পৰিছিল অংকুৰ ৷ সম্প্ৰতি নিজে এটা ইউটিউব চেনেল খোলাৰ লগতে নিজৰ বাসগৃহৰ পদূলিত থকা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠাস্থানৰ সম্প্ৰসাৰণ ঘটাই উন্নত মানৰ হেলমেট, ষ্টিকাৰ বিক্ৰী কৰাৰ এক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ সপোন পুহি ৰখা অংকুৰৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ পিছতে শুভাকাংক্ষীৰে ভৰি পৰে গণকপট্টিৰ বাসগৃহ ৷ ইহসংসাৰত একমাত্ৰ মাতৃক এৰি যোৱা অংকুৰৰ মৰণোত্তৰ পৰীক্ষা আজি দিনৰ ভাগত সম্পন্ন হোৱাৰ পিছতেই স্থানীয় ৰাজহুৱা শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ তেওঁৰ মৃত্যুত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসমীয় যুৱ মঞ্চ, বীৰ লাচিত সেনা, উদীয়মান পৰিচালক আক্ৰাম হুছেইনকে আদি কৰি শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷ দুৰ্ঘটনাৰ পিছতেই শিৱসাগৰ যান-বাহন আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি নিকটৱৰ্তী কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি মূল কাৰণ উদ্ধাৰৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ৷ স্মৰ্তব্য যে শেহতীয়াকৈ অংকুৰৰাজ শৰ্মাই বিজেপি দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে সেৱা আগবঢ়াই আহিছিল ৷

 

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like