নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান ভ্রমণ নকৰে টীম ইণ্ডিয়াই

🔹 পাহৰি যাওক দ্বিপাক্ষিক শৃংখলা : নিজৰ স্থিতিত অটল বিচিচিআই

বিশেষ বাৰ্তা, ২৫ এপ্রিল : নিজৰ স্থিতিত অটল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্রফীত খেলিবলৈ পাকিস্তান ভ্রমণ নকৰাৰ প্রবল সম্ভাৱনা আছে ভাৰতীয় ক্রিকেট দলৰ৷ ফলত আইচিচি চেম্পিয়নছ ট্রফী আন দেশলৈ স্থানান্তৰ হ’ব পাৰে৷ যোৱা বছৰ এছিয়া কাপৰ দৰেই হাইব্রীড মডেলত চেম্পিয়নছ ট্রফীত অংশগ্রহণ কৰিব পাৰে টীম ইণ্ডিয়াই৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এগৰাকী বিষয়াই সংবাদ প্রতিষ্ঠানৰ আগত ব্যক্ত কৰে যে বিচিচিআইৰ পাকিস্তান নীতিৰ কোনো পৰিৱর্তন হোৱা নাই৷ ভাৰত–পাকিস্তানৰ দ্বিপাক্ষিক ক্রিকেট সম্পর্কতো কোনোধৰণৰ উন্নতি হোৱা নাই৷ এনে পৰিস্থিতিত অহা বছৰৰ চেম্পিয়নছ ট্রফী পাকিস্তানত অনুষ্ঠিত হোৱাটো জটিল হ’ব পাৰে৷ অৱশ্যে এই সন্দর্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ বিষয়াজনে লগতে কয় যে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱাৰ কথা পাহৰি যাওক৷ ২০২৫ চনৰ চেম্পিয়নছ ট্রফী খেলিবলৈ পাকিস্তানলৈ নাযাব টীম ইণ্ডিয়া৷ প্রতিযোগিতাখন এছিয়া কাপৰ দৰে হাইব্রীড মডেলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক৷ পাকিস্তানলৈ দল প্রেৰণৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব বিচিচিআয়ে৷ ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ ক্রিকেট সম্পর্ক স্থাপনৰ ক্ষেত্রত এতিয়াও কেন্দ্রই অনুমতি দিয়া নাই৷ চেম্পিয়নছ ট্রফী হৈছে আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদৰ প্রতিযোগিতা৷ আয়োজক দেশ পাকিস্তান৷ প্রতিযোগিতাখনলৈ দল প্রেৰণ নকৰাৰ কথা ভাবিছে ব’র্ডে৷ পৰৱর্তী টি–২০ বিশ্বকাপৰ পিছত ব’ৰ্ডৰ বিষয়াসকলে আইচিচিৰ বিষয়ববীয়াৰ সৈতে এই বিষয়ে আলোচনা কৰিব৷ আকৌ যদি কেন্দ্রীয় চৰকাৰে অনুমতি নিদিয়ে, তেন্তে ব’ৰ্ডৰ বিষয়াসকলৰ কার্যতঃ কোনো কাম নাই৷ ১৯৯৬ চনৰ বিশ্বকাপৰ পিছত প্রথমবাৰৰ বাবে পাকিস্তানত অনুষ্ঠিত হ’বলৈ গৈ আছে আইচিচিৰ প্রতিযোগিতা৷ পাকিস্তান ক্রিকেট ব’র্ডে সমগ্র প্রতিযোগিতাখন পাকিস্তানৰ মাটিত অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাব৷ আইচিচিয়ে পাকিস্তানক প্রতিযোগিতাখন আয়োজনৰ দায়িত্ব দিছিল৷ উক্ত সময়তো ভাৰত–পাকিস্তানৰ দ্বিপাক্ষিক ক্রিকেট সম্পর্ক একেই আছিল৷ ফলত ২০২৫ চনৰ চেম্পিয়নছ ট্রফীত ভাৰতৰ অংশগ্রহণৰ সম্ভাৱনাক লৈ জটিলতা আহি পৰিব৷ উল্লেখ্য যে ২০১৩ চনত অন্তিমবাৰৰ বাবে ভাৰত ভ্রমণ কৰিছিল পাকিস্তান ক্রিকেট দলটোৱে৷ তাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই৷ অৱশ্যে আইচিচি আৰু এছিয়ান ক্রিকেট কাউঞ্চিলৰ প্রতিযোগিতাত দুয়োখন দেশ কেইবাবাৰো মুখামুখি হৈছে৷

You might also like