নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচিত ৪৬২সংখ্যক স্থানেৰে উজলিল ধুবুৰীৰ ঋতুৰাজ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ ইউপিএছচিত স্থান লাভ কৰিলে ধুবুৰীৰ এটি মধ্যবিত্ত পৰিয়ালৰ ২০ বছৰীয়া এজন যুৱকে। চহৰখনৰ ২নং ৱাৰ্ডৰ ঋতুৰাজ শৰ্মাই সৰ্বভাৰতীয় ইউপিএছচি পৰীক্ষাত ৪৬২ স্থান লভি কেৱল ধুবুৰীলৈই নহয়; সুনাম কঢ়িয়াই আনিলে ৰাজ্যখনলৈও। প্ৰথমবাৰৰ বাবে ধুবুৰীৰ পৰা ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱা ঋতুৰাজে দশম শ্ৰেণীলৈ ধুবুৰীৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰাৰ বিপৰীতে গুৱাহাটীৰ ডন ব’স্কোৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উল্লেখ্য যে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন (International Studies)ৰ ওপৰত স্নাতক ডিগ্ৰী লাভ কৰা ঋতুৰাজে প্ৰথম প্ৰচেষ্টাতেই ইউপিএছচি পৰীক্ষাত উতীৰ্ণ হ’বলৈ সক্ষম হৈছে। সৰুতেই পিতৃহাৰা হোৱা যুৱকজনে নিয়মীয়া বাৰ্তাক দিয়া এক বিশেষ সাক্ষাৎকাৰত নিজ মাতৃক Brown মেৰুদণ্ড বুলি অভিহিত কৰে। সৰুতে ধুবুৰীৰ বৰলুইতৰ পাৰঘাটত ফুৰিবলৈ গ’লে পিতৃয়ে দেখুৱাই দিয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ চৰকাৰী আৱাস দুটা দেখি দেখি লাহে লাহে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতি কৌতূহলৰ জন্ম হোৱাৰ বুলি জনায় আৰু প্ৰয়াত পিতৃকেই তেওঁৰ প্ৰশাসনীয় জীৱনৰ বাটকটীয়া বুলি অভিহিত কৰিছে ঋতুৰাজ শৰ্মাই। কোনো ধৰণৰ ব্যক্তিগত কোচিং সহায় অবিহনেই ইউপিএছচিৰ কৰে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হোৱা ঋতুৰাজৰ মতে; ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ’ল্ শিক্ষাৰ উপৰি অনুশাসন, শৃংখলা আৰু নিয়মানুৱর্তিতা হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like