নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদৈচিলাই উৰুৱাব কংগ্ৰেছ মিত্ৰশক্তিৰ কূটকৌশল : সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ এপ্ৰিলঃ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়া বিধানসভা সমষ্টিৰ কেইবাখনো সভাত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ নাহৰকটীয়া টাউনত এক দীঘলীয়া বিশাল পদযাত্রাতো অংশগ্ৰহণ কৰে য’ত হাজাৰ হাজাৰ লোক তেওঁৰ যাত্ৰাৰ সংগী হয়। পাছলৈ সন্ধিয়া সোণোৱালে ডিব্ৰুগড় বিধানসভাৰ অন্তৰ্গত শান্তিপাৰা নেতাজী উদ্যানত এখন সভাত অংশগ্ৰহণ কৰে। প্ৰচাৰৰ সময়ত বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয়, “বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰে ৰাজ্যখনৰ উন্নয়ন আৰু কল্যাণৰ দিশত যেনেদৰে কাম কৰিছে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আহিছে। ৰাইজৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপবোৰ লোৱাৰ ফলত সৰ্বসাধাৰণৰ জীৱন ধাৰণৰ মান বৃদ্ধি পাইছে। অন্য দলৰ লগত বিজেপিৰ মুখ্য পাৰ্থক্য হৈছে এটা লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছত সহজতে তাক সম্পাদন কৰিব পৰাৰ সামৰ্থ্য। উচিত পৰিকল্পনাৰে যিকোনো কাম কৰাৰ সৎ অভিপ্ৰায় থকাৰ ফলতেই বিজেপিয়ে ৰাজ্য আৰু সমগ্ৰ দেশৰ ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিব পাৰিছে। আমি বহুতো ভাল কাম কৰিছোঁ। ৰাইজক সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আমি ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত অহৰহ্ কাম কৰি থাকিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একাৰাহে তৃতীয়বাৰৰ বাবে দেশৰ নেতৃত্ব দিবলৈ পুনৰ নিৰ্বাচিত হোৱাৰ পাছত কৰিবলগীয়া কামৰ ১০০ দিনীয়া পৰিকল্পনা প্ৰস্তুত কৰিছে। ইয়াৰ বিপৰীতে, কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰজোট লক্ষ্যহীন আৰু অদূৰদৰ্শী অৱস্থাত আছে। মানুহে এইবোৰ ভালদৰেই বুজি পায়। এইবাৰৰ নিৰ্বাচনী ‘বহাগী বৰদৈচিলা’ই কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ ষড়যন্ত্ৰ উৰুৱাই নিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ লোকসকলে তেওঁলোকক ভালকৈয়ে জলাঞ্জলি দিব।” কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এয়া আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ সময় য’ত আমি আমাৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈ চৌদিশৰ নতুনত্বক উদযাপন কৰোঁ। এই সময়ছোৱাত আমি সকলোৱে একত্ৰিত হৈ এটা বৃহত্তৰ অসমীয়া জাতি হিচাপে বিহু উদযাপন কৰোঁ। কিন্তু এইটো দুৰ্ভাগ্যজনক যে এজন তথাকথিত জাতীয়তাবাদী নেতাই ব’হাগত জ্যেষ্ঠজনাক সেৱা, শ্ৰদ্ধা জনোৱাৰ পৰম্পৰাক জলাঞ্জলি দি কংগ্ৰেছৰ বোকোচাত উঠি মোৰ স্বৰ্গগত আই-পিতাইকো তুচ্ছ-তাচ্ছিল্ল্য কৰিব নেৰিলে। এনে এগৰাকী ব্যক্তিয়ে ডিব্ৰুগড়ত যোগাত্মক পৰিৱৰ্তন আনিব বুলি ক’লে কোনোবাই বিশ্বাস কৰিবনে? ডিব্ৰুগড়ৰ লোকসকল শিক্ষিত লোক। নাহৰকটীয়াৰ মানুহে জানে কেনেকৈ শক্তিশালী আহোমসকলে আগ্ৰাসী মোগলৰ গতি ৰোধ কৰি অসমীয়া সভ্যতা-সংস্কৃতিক সুৰক্ষিত কৰিছিল। ইয়াৰ বাবে তেওঁলোকে কৌশলগত পৰিকল্পনা কৰি মোগলক পৰাজিত কৰিছিল। আমি একেই কৌশলগত বিচক্ষণতা, উচিত পৰিকল্পনা আৰু ধৈৰ্য্যৰে, সততা-নিষ্ঠাৰে বিকশিত ডিব্ৰুগড় লোকসভা, বিকশিত অসম তথা ভাৰত গঢ়াৰ দিশত সমৰ্পিত ভূমিকা পালন কৰি যাম। কংগ্ৰেছ আৰু তেওঁলোকৰ বোকোচাত উঠা মিত্ৰশক্তিয়ে অসম জ্বলোৱাৰ কাম কৰিছিল, আমাৰ বিজেপি চৰকাৰে অসম নিৰ্মাণৰ কাম কৰিছে।”আজি সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত আছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে দলীয় সতীৰ্থসকল।

You might also like