নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান্দৰদেৱাৰ তৰাজুলীত পথ দুৰ্ঘটনাত থিতাতে নিহত এক

নিয়মীয়া বাৰ্তা, ১৭নৱেম্বৰঃ লখিমপুৰৰ বান্দৰদেৱা আৰক্ষী চকীৰ অধীনৰ তৰাজুলীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হয়। জানিব পৰা মতে তেজপুৰৰ পৰা লখিমপুৰ অভিমুখে আহি থকা AS 07BC 4585 নম্বৰৰ এখন ট্ৰাকৰ খুণ্ডাত AS 07 R 8256 নম্বৰৰ মটৰচাইকেলৰ আৰোহী জন থিতাতে নিহত হয়।নিহত লোকজন ধেমাজি জিলাৰ চিলাপথাৰৰ ভৱেশ দাস বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক খনৰ চালকে পলায়ন কৰিছে যদিও বান্দৰদেৱা আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নিজৰ কৰ্মস্থলী নাহৰলগুনৰ মহেন্দ্ৰ ডিলাৰৰ পৰা ঘুৰি অহাৰ পথত ঘটনাটো সংঘটিত হয় ৷মৃত্যুৰ সময়ত পত্নী সহ দুটি সন্তান ইহ সংসাৰত এৰি যায় ৷
প্ৰেৰক মুকুল ভূঞা
You might also like