নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : কাৰ দখললৈ যাব অসমৰ ভৱিষ্যৎ?

ধ্রুৱ মহন্ত

অসমৰ ভৱিষ্যৎ কাৰ দখললৈ যাব? কিমান সুৰক্ষিত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যৎ? দেশৰ স্বাধীনতাৰ পূর্বেই অসম আৰু অসমীয়া জাতিৰ বিৰুদ্ধে আৰম্ভ হৈছিল এক সুপৰিকল্পিত আক্রমণ৷ মুছলিম লীগৰ অসম দখলৰ পৰিকল্পনাৰ অংশ ৰূপে ব্যাপক প্রব্রজনেৰে অসমৰ জনগাঁথনিকে সলাই দি ৰাজ্যখনক পকিস্তানৰ অন্তর্ভুক্ত কৰাৰ প্রত্যক্ষ অভিযান চলোৱা হৈছিল৷ মুছলিম লীগৰ এই ভয়ংকৰ ষড়যন্ত্রৰ বিৰুদ্ধে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘আত্মৰক্ষী বাহিনী’ গঠন কৰি জাতিক সুৰক্ষা দিয়াৰ আপ্রাণ প্রচেষ্টা চলাইছিল৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু বিষুৰাম মেধিৰ নেতৃত্বত গঠিত অসম চৰকাৰে সুদৃঢ় পদক্ষেপেৰে মুছলিম লীগৰ ষড়যন্ত্র ব্যর্থ কৰি দিয়াৰ লগতে অসমৰ লাখ লাখ বিঘা চৰকাৰী ভূমিত ব্যাপক বেদখল চলোৱা পূর্ব বংগৰ বহু বেদখলকাৰীক খেদি পঠাইছিল৷

এই সন্দর্ভত ১৯৪৬ চনৰ ১৫ জুনত ‘পুৰণি পমুৱা ভাইসকল’ বুলি সম্বোধন কৰা এক গোহাৰিত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখিছিল– ‘গুণ্ডা দলৰ আক্রমণৰ পৰা আমি আত্মৰক্ষা কৰি শান্তিৰে থকাৰ চেষ্টাত আমাৰ লগত একগোট বান্ধিবলৈকে আপোনালোককো আমি অন্তৰৰ সৈতে আহ্বান কৰিছোঁ৷ আপোনালোকৰ লগত যে আমাৰ কোনো বিৰোধ নাই, আপোনালোকক প্রথমৰ পৰাই অসমীয়াই মাটি–বাৰী, টকা–কডি, ধান–চাউল, খেৰ–বাঁহ আৰু গৰু–গাই দি সহায় কৰি আৰু অসম চৰকাৰেও ইং ১৯৩৭ চনৰ শেহলৈকে সুবিধা দি আপোনালোকক অসমত স্থায়ী হৈ বসতি কৰিবলৈ দিয়াটোৱে তাৰ উজ্জ্বল প্রমাণ৷ … কিন্তু আমাৰ আপত্তি হৈছে, যিসকল বাহিৰৰ লোকে আমি সকলোৰে জাতীয় অস্তিত্ব ধ্বংস কৰিবলৈকে ৰণ–সজ্জাৰে বাহিৰৰ পৰা হাজাৰ হাজাৰ নতুন গুণ্ডা আমদানি কৰি গাঁও–ভূঁই দখল কৰি অৰাজক আক্রমণেৰে শান্তি আৰু শৃংখলা ভংগ কৰিব ধৰিছে, সেইবিলাক অবাঞ্ছিত মানুহলৈ৷ … মুছলিম লীগৰ যুক্তিহীন পাকিস্তানী উত্তেজনাত বাহিৰৰ পৰা এইদৰে হাজাৰ হাজাৰ নতুন পমুৱা আহি থাকিলে অসমত কি পৰিস্থিতি হ’ব? অসমীয়াৰ গতি কি হ’ব? অসমকেই নিজ ভূমি কৰি লোৱা অসমীয়া জাতিৰ ভৱিষ্যৎ সন্তানসকল মাটি–ভেটিহীন হৈ চিৰকাল কাজিয়া–কন্দল আৰু অশান্তিৰ মাজত পৰি অসমৰ পৰা নির্মূল হ’ব নালাগিবনে? সেই বাবে খিলঞ্জীয়া অসমীয়া আৰু ১৯৩৭ চনৰ শেষলৈকে আহি স্থায়ী হোৱা পুৰণি পমুৱা ভাইসকল একগোট বান্ধি আমি সকলোকে নির্মূল কৰিবলৈকে আগবঢ়া মুছলিম লীগৰ এই আক্রমণৰ অভিসন্ধিৰ পৰা আত্মৰক্ষা কৰিবলৈকে সর্বতোপ্রকাৰে সাজু হৈ উঠাৰ বাহিৰে আমাৰ আন গতি নাই৷’ অৱশ্যে অম্বিকাগিৰী ৰায়চৌধুৰীৰ এই ঐকান্তিক প্রয়াস তথা বৰদলৈ চৰকাৰৰ আপ্রাণ চেষ্টাৰ পাছতো অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ প্রশ্ণটো অনিশ্চয়তাতে ওলমি ৰ’ল৷ বৰং শেহতীয়া প্রেক্ষাপটত বুদ্ধিজীৱী মহলে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাটো মূৰকত সম্ভৱ হৈ নুঠিবগৈ বুলিহে গভীৰ আশংকা প্রকাশ কৰিছে৷

১৯৯০ চনৰ এপ্রিলত তদানীন্তন ৰাজ্যসভাৰ সাংসদ ড০ নগেন শইকীয়াই অসমৰ পৰিস্থিতি সন্দর্ভত গভীৰ উদ্বেগ প্রকাশ কৰি সংসদত দিয়া এক ভাষণত কৈছিল– ‘মোৰ ৰাজ্য অসমত তেওঁবিলাকে ভোটৰ লোভত বাংলাদেশৰ মানুহক সোমাই আহিবলৈ সুযোগ উলিয়াই দিলে৷ তেওঁলোকে থলুৱা মানুহক পদ্ধতিগতভাৱে আৰু ইচ্ছাকৃতভাৱে সংখ্যালঘিষ্ঠত পৰিণত কৰাৰ বাট মোকলালে৷ ৰাজ্যখনৰ মানুহে ইয়াৰ বিৰুদ্ধে তোলা তেওঁলোকৰ দাবী প্রতিপন্ন কৰিবলৈ সুদীর্ঘ ৬ বছৰ আন্দোলন কৰিবলগীয়া হ’ল৷ প্রায় ৯০০ লোকে হয় চৰকাৰী যন্ত্রৰ হাতত, নহয় বিদেশীৰ হাতত প্রাণ দিবলগীয়া হ’ল৷ অৱশেষত চৰকাৰে দাবী মানি ল’বলৈ বাধ্য হ’ল আৰু এখন চুক্তি সম্পাদন কৰিলে৷ কিন্তু এই চুক্তি তেওঁবিলাকে বাকচত বন্ধ কৰি ৰাখিলে৷ মই নতুন চৰকাৰকো সকীয়াই দিব খোজেজা যে যদি অসম চুক্তি ৰূপায়ণৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰা নহয়, যদি ন্যায় বহির্ভূত আই এম ডি টি আইন বাতিল কৰা নহয়, যদি কংগ্রেছ (ই) চৰকাৰে কৰি যোৱা অপকর্মবোৰ নাইকিয়া কৰা নহয় আৰু বিদেশী সমস্যা সমাধানৰ বাবে বাংলাদেশ চৰকাৰৰ লগত আলোচনা আৰম্ভ কৰা নহয়, ওচৰ–চুবুৰীয়া বিদেশী শক্তিৰ সহায়েৰে অসমো এদিন দ্বিতীয় কাশ্মীৰত পৰিণত হ’ব৷’ (‘আজিৰ অসম’, ১৭ এপ্রিল, ১৯৯০)

অসমৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তন সন্দর্ভত ৰাইজক সকীয়নি দি ড০ হীৰেন গোহহায়ে লিখিছিল– ‘বিদেশী অনুপ্রৱেশকাৰীৰ সমস্যাটো এনে এবিধ সমস্যা, খিলঞ্জীয়া গোষ্ঠীৰ মানুহ হিচাপে ময়ো আন অসমীয়াৰ দৰে সমস্যাটোক লৈ উদ্বিগ্ন৷ এইটো কেৱল আৱেগৰ কথা নহয়, হকৰ কথা৷ আমাৰ জীৱিতাৱস্থাতে আমি ‘জন্মভূমে পৰবাসী’ হ’ব লাগিব, সেইটো গ্রহণ কৰিম কেনেকৈ?’ (‘আজিৰ অসম’, ২২ জুলাই, ১৯৯২)৷ ড০ গোহাঁয়ে আৰু লিখিছিল– ‘এইবাৰৰ লোকপিয়লত কিছু লোকপিয়লৰ লগত জডিত বিষয়াৰ মতেই (ঘৰুৱা আলাপতৰ অসমীয়া) অনুপাত কমিছে৷ ইয়াৰ কাৰণ বাংলাদেশীৰ অনুপ্রৱেশ হ’ব পাৰে৷ কথাটো অৱশ্যে সাৱধানে পৰীক্ষা কৰিহে ক’ব পৰা যাব৷ ‘মিঞা’ মাত্রেই বাংলাদেশী নহয়, কিন্তু দিল্লী মহানগৰীত যেতিয়া ২ লাখ বাংলাদেশী (দিল্লী)ৰ পৰা প্রকাশিত খবৰ কাগজৰ মতে, অসমত সোমোৱা নাই বুলি ভাবিব নোৱাৰি৷ বিশেষকৈ টকাৰ খঁকত ৰজা–বিষয়া এনে বলিয়া যে দেশ বা জাতিৰ নিৰাপত্তাৰ বাবে প্রয়োজনীয় কামখিনি ক’ত কৰিব? সেয়ে বাংলাদেশীৰ অনুপ্রৱেশ বন্ধ হোৱা নাই বুলি ধৰিব পাৰি৷’ (‘আজিৰ অসম’, ৭ মে’, ১৯৯২)৷ ইমানতে ক্ষান্ত নহৈ ড০ গোহাঁয়ে আৰু কৈছিল– ‘এইটো যুক্তি, তথ্য, বিশ্লেষণৰ কথা৷ কোনো ঠাইত যদি ভোটাৰৰ তালিকা ১০০ শতাংশ বা ৩০০ শতাংশ বাঢ়ে, আৰু সেইবোৰ যদি দেশৰ আন ঠাইৰ মানুহ নহয়, তেন্তে সেইবোৰৰ অধিকাংশ বিদেশী হ’বই লাগিব৷ কাৰণ সেই সময়ত দেশৰ বা অসমৰ জনসংখ্যা ইমান বৃদ্ধি হোৱা নাই৷ এই যুক্তি বিজ্ঞানসন্মত৷ ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ ক’বলগীয়া একো থাকিব নোৱাৰে৷ আৰু যদি বিদেশী আছেই, তেন্তে চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিব লাগিব৷ অন্যথা বিদেশীয়ে দেশৰ নির্বাচনৰ ফলাফল নির্ধাৰণ কৰিব৷’ (‘আজিৰ অসম’, ২৭ এপ্রিল, ১৯৯৩)৷

অসমৰ পৰিস্থিতিৰ ভয়াৱহতাক অধিক স্পষ্ট ৰূপত দাঙি ধৰি ‘অসমৰ ভৱিষ্যৎ কাৰ দখললৈ যাব?’ শীর্ষক এক লেখাত (‘নিয়মীয়া বার্তা’, ১৫ ফেব্রুৱাৰী, ২০১৯) হোমেন বৰগোহাঞিয়ে লিখিছিল– ‘অসমৰ ভৱিষ্যৎ কোনে দখল কৰিব ইয়াকে লৈ এটা প্রতিযোগিতা চলি আছে৷ প্রতিযোগিতা চলিছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ আৰু নৱাগত অভিবাসী মুছলমানসকলৰ মাজত৷… বাঘ দেখি শিয়ালে ফেউৰা দিয়াৰ দৰে অভিবাসী মুছলমানসকলৰ দ্রুত সংখ্যা বৃদ্ধি দেখি কেৱল চিঞৰ–বাখৰ কৰি থাকিয়েই খিলঞ্জীয়া জনগোষ্ঠীসমূহে আত্মৰক্ষা কৰিব নোৱাৰিব বা প্রতিযোগিতাত জয়লাভ কৰিব নোৱাৰিব৷ ঘুণ পোকে খাই ভিতৰখন ফোঁপোলা কৰা কাঠৰ দৰে যিবোৰ স্বভাৱ–দোষে আজি খিলঞ্জীয়া মানুহৰ সমাজখনক ফোঁপোলা আৰু নিশকতীয়া কৰি পেলাইছে, সেইবোৰৰ পৰা মুক্ত হৈ নতুন সুস্থ জীৱনৰ সংকল্প নল’লে খিলঞ্জীয়া মানুহবোৰৰ ভৱিষ্যৎ অতীব অন্ধকাৰ৷ কুৰি শতিকাত খিলঞ্জীয়া আৰু অভিবাসীৰ যি প্রতিযোগিতা আৰম্ভ হৈছিল, একৈশ শতিকাত সেই প্রতিযোগিতাৰ সমাপ্তি ঘটিব অভিবাসীসকলৰ চূডান্ত বিজয়ত৷’

অসমৰ ভয়ংকৰ ভৱিষ্যতৰ ছবিখন উদঙাই বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত (‘অসমীয়া প্রতিদিন’, ৯ অক্টোবৰ, ২০২২) মন্তব্য কৰিছে– ‘এতিয়া অসমত ভয় লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ চাৰিওফালে বিদেশী নাগৰিকে ভৰি পৰিছে৷ কেতিয়া ক’ত কি পৰিস্থিতি হয়, একো ক’ব নোৱাৰি৷ এনেকৈ থাকিলে অসমখন অতি সোনকালে মুছলিমপ্রধান ৰাজ্য হ’বগৈ৷ মই জাতি–বর্ণ–ধর্ম একো নামানো৷ তথাপি মই মোৰ অসমখন এখন মুছলিমপ্রধান ৰাজ্য হোৱাটো নিবিচাৰোঁ৷’

অসম কেশৰী অম্বিকাগিৰীৰ পৰা নিৰুপমা বৰগোহাঞিলৈ সকলোৱে আমাৰ চকুত আঙুলি থৈ পৰিস্থিতিৰ ভয়াৱহতাক আঙুলিয়াই দেখুৱাইছে৷ শতিকাজোৰা এখন যুঁজত যে নিজৰ স্বার্থান্বেষী, সোৰোপা আৰু দুর্নীতিসর্বস্ব চৰিত্রৰ বাবেই আমি ক্রমাৎ পৰাজিত হ’বলৈ আগবাঢ়িছোঁ, সেয়া শেহতীয়া পৰিস্থিতিয়ে স্পষ্ট ৰূপত প্রতিপন্ন কৰিছে৷ লোকপ্রিয় বৰদলৈ, বিষুৰাম মেধি, অসম কেশৰী অম্বিকাগিৰী আদিৰ সবল আৰু দৃঢ় স্থিতিৰ বাবে চৈয়দ ছাদুল্লা, মৌলানা ভাছানীহঁতৰ যি সপোন এদিন ব্যর্থ হৈছিল, সেই সপোনেই এতিয়া সাকাৰ ৰূপ ল’বলৈ আগবাঢ়িছে৷ হয়তো অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ চৰম পৰাজয়ৰ ক্ষণ গণনা ইতিমধ্যেই আৰম্ভ হৈছে৷

You might also like