নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাসৰ উছাহৰ মাজতে নলবাৰীত ভয়ানক পথ দুৰ্ঘটনাত যুৱতীসহ ৫জনৰ কৰুণ মৃত্যু

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ ৰাস মহোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত যোৱানিশা সংঘটিত দুটাকৈ পৃথক  ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱতীসহ পাঁচগৰাকীৰ কৰুণ মৃত্যু ঘটে। প্ৰথমটো দুৰ্ঘটনা বানেকুছিত আৰু দ্বিতীয়টো ঘগ্ৰাপাৰত সংঘটিত হয়। ঘটনাৰ সূত্ৰে জানিব পৰা মতে,হাউলীৰ পৰা ৰাস চাই উভতি আহোতে সংঘটিত হ’ল এই দুৰ্ঘটনা।নলবাৰীৰ বানেকুছিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। এ এছ ০১ বি জি ৫৯৯৫ নম্বৰৰ আৰ্টিকা গাড়ীখনেৰে হাউলীৰ পৰা ৰাসযাত্ৰীৰ এটা দল পুৱতি নিশা আহি থাকোতে বানেকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।দুৰ্ঘটনাটোত থিতাতে দুজনৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত আন দুজনৰ মৃত্যু হয়। নিহত সকল হ’ল– জাহেদুল ৰহমান, আদিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ।ইপিনে নলবাৰী ঘগ্ৰাপাৰত পুৱতি নিশা আন এটা শোকাবহ পথ  দুৰ্ঘটনা সংঘটিত হয়। উক্ত দূৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱতীৰ লগতে আঘাত প্ৰাপ্ত হয় দুজন। ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কাটুৰিয়াত এই দুৰ্ঘটনাটো সংঘটিত হয়।এ এছ ০৪ আৰ ৪৩২২ নম্বৰৰ এখন চুইফ্ট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত মৃত্যু হয় পৰীস্মিতা নামৰ এগৰাকী যুৱতীৰ।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like