ক’ৰোনাৰ চিকিৎসাত একমাত্ৰ প্ৰতিকাৰ ৰূপে ব্যৱহাৰ হোৱা হাইড্ৰক্সিক্ল’ৰ’কুইনত নিষেধাজ্ঞা WHO ৰ ! কিন্তু কিয় ?
নিয়মীয়া বার্তা, ২৭মেঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ চিকিৎসাত মেলেৰিয়া প্রতিৰোধী দৰব হাইড্র’ক্সিক্ল’ৰ’কুইন ব্যৱহাৰৰ বাবে চলোৱা পৰীক্ষা বন্ধ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷
বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা উল্লেখ কৰিছে যে মেলেৰিয়া প্রতিৰোধী এই দৰববিধ ক’ভিড–১৯ ৰোগীৰ ক্ষেত্রত ব্যৱহাৰ কৰিলে ৰোগীৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে৷
স্মর্তব্য যে এই সন্দর্ভত এক অধ্যয়নৰ প্রতিবেদন যোৱা সপ্তাহত চিকিৎসা জার্নাল ‘লেনচেট’ত প্রকাশ পাইছিল৷ এই প্রতিবেদনত স্পষ্টভাৱে ঘোষণা কৰা হৈছিল যে মেলেৰিয়া প্রতিৰোধী দৰববিধে ক’ভিড–১৯ ৰোগীৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰিব৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ আধান’ম ঘেব্রিয়েছাছে এখন সংবাদ মেলযোগে ঘোষণা কৰিছে যে মেলেৰিয়া প্রতিৰোধী দৰববিধ ক’ভিড–১৯ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিব নোৱাৰি৷ এইক্ষেত্রত বিভিন্ন দেশৰ পৰীক্ষাগাৰত চলি থকা পৰীক্ষা ইতিমধ্যে বন্ধ কৰা হৈছে বুলিও টেড্র’ছে উল্লেখ কৰে৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰোনাৰ পৰা বাচি থাকিবলৈ দৈনিক হাইড্ৰক্সিক্ল’ৰ’কুইন ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰিছিল । লগতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে হাইড্ৰক্সিক্ল’ৰ’কুইন ভাৰতৰ পৰাও আমদানি কৰিছিল ।