ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ : মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ ডকাইতৰ গেং। আত্মগোপন কৰি থকা অৱস্থাত হাতীগাঁৱৰ N R RESIDENCYৰ পৰা গ্ৰেপ্তাৰ কৰে ৪ কুখ্যাত ডকাইতক।
হাতীগাঁও সিজুবাৰী পথৰ N R RESIDENCYত আত্মগোপন কৰি আছিল গ্ৰেপ্তাৰ হোৱা চাৰি ডকাইতে। এজন অধিবক্তাৰ বাহনত ডকাইতি কৰি হাতীগাঁৱৰ N R RESIDENCYত লুকাই আছিল চাৰিওজনে। অৱশ্যে আৰক্ষীয়ে ৪জনক গ্ৰেপ্তাৰ কৰিছে যদিও দলটোত আৰু ২জন আছিল বুলি জানিব পৰা গৈছে।
গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা হ’ল- আইনুৰ হুছেইন, আইদুল আলী, মহিবুল আলী, বিপুল আহমেদ। আৰক্ষীয়ে ডকাইতিত ব্যৱহৃত এখন বাহনো জব্দ কৰে ।