নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত নিশা দুই শিক্ষানুষ্ঠানত চোৰৰ লুটপাত

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : কামৰূপৰ টুপামাৰীত আৰক্ষী চকীৰ নিচেই কাষতে সংঘটিত হৈছে চুৰিকাণ্ড। দুখনকৈ শিক্ষানুষ্ঠানত চোৰে নিশা চলায় তাণ্ডৱ | আৰক্ষী চকীৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত থকা দুখনকৈ শিক্ষানুষ্ঠানত যোৱানিশা সংঘটিত হয় এই চাঞ্চল্যকৰ কাণ্ড |

টুপামাৰী বজাৰ প্ৰাথমিক বিদ্যালয় আৰু ২৯৩নং অংগনৱাড়ী কেন্দ্ৰত নিশাৰ ভাগত চোৰ সোমাই বিদ্যালয় গৃহৰ খিৰিকী ভাঙি পানী তোলা মটৰ, চিলিং ফেন, অংগনৱাড়ী কেন্দ্ৰৰ শিশুহঁতৰ খেল-ধেমালিৰ বিভিন্ন সামগ্ৰী লৈ যায় | টুপামাৰী আৰক্ষী চকীৰ পৰা মাত্ৰ প্ৰায় ৩০০ মিটাৰ দূৰত্বত অৱস্থিত শিক্ষানুষ্ঠান দুখনত চুৰিকাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বৃহত্তৰ টুপামাৰী অঞ্চলত ড্ৰাগছ, নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলতেই দিনকদিনে এনে চুৰিকাণ্ড বৃদ্ধি পাইছে বুলি ৰাইজে ধাৰণা কৰিছে | শীঘ্ৰেই এই চুৰিকাণ্ডৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অঞ্চলটোত ড্ৰাগছ, নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলন বন্ধ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like