নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যান শস্যক অসমৰ কৃষি অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাপে গঢ়াৰ লক্ষ্য কৃষি বিভাগৰ

ডিজিটেল ডেস্ক, ২৯ জুন : ৰাজ্যৰ উদ্যান কৃষিখণ্ডৰ সবলীকৰণ আৰু গ্ৰাম্য স্বাৱলম্বিতাৰ বাবে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনস্থ কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্ৰকল্প পৰিদৰ্শন কৰে আৰু কঠীয়া ৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।

মন্ত্ৰী হাজৰিকাই উদ্যান শস্য বিভাগৰ অধীনস্থ কঠীয়াতলীৰ ১০০ বিঘাজুৰি নিৰ্মাণৰত উদ‍্যান শস্যৰ বিশেষ উদ‍্যানখন পৰিদৰ্শন কৰে। এই বৃহৎ উদ‍্যানখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিলে ৰাজ‍্যৰ কৃষকসকলক বিভিন্ন ফল-মূলৰ উচ্চ গুণসম্পন্ন পুলি বিতৰণ কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যিয়ে গ্ৰাম্য আয় বৃদ্ধিত অপৰিসীম বৰঙণি যোগাব। তেওঁ উল্লেখ কৰে যে অহা বছৰ কৃষি বিভাগে কৃষকসকলৰ মাজত কেইবালাখ অধিক লাভজনক ফল-মূলৰ পুলি বিতৰণৰ লক্ষ্য লৈছে, যাতে উদ্যান কৃষিক অসমৰ কৃষি অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাপে গঢ়ি তুলিব পৰা যায়।

এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে উদ‍্যানখনৰ পৰিচালনা সম্পৰ্কীয় দিশসমূহৰ বিতং আলোচনা কৰাৰ লগতে তাত পৰ্যাপ্ত পানী যোগান নিশ্চিত কৰিবলৈ জলসিঞ্চনৰ সম্ভাৱনীয়তাৰ বুজ লয়। বাণিজ্যিক লাভজনক শস্যৰ অপৰিসীম সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে নগাঁও কৃষি বিভাগৰ উদ্যোগত ননৈ কৃষি চক্ৰৰ অন্তৰ্গত বৰকছাৰী গাঁৱত আয়োজিত এক বৃহৎ নাৰিকল পুলি ৰোপণ কাৰ্যসূচীত অংশ লয়।

সমাৱেশক সম্বোধন কৰি মন্ত্ৰী হাজৰিকাই আঙুলিয়াই দিয়ে যে ব্যাপক ঘৰুৱা চাহিদা থকা সত্ত্বেও অসমত নাৰিকলৰ উৎপাদন তুলনামূলকভাৱে কম। অসমৰ উৰ্বৰা ভূমি ঈশ্বৰৰ আশীৰ্বাদপুষ্ট বুলি উল্লেখ কৰি তেওঁ দৃঢ় বিশ্বাস ব্যক্ত কৰে যে নাৰিকলৰ উৎপাদন বৃদ্ধিয়ে স্থানীয় খেতিয়কসকলৰ বাবে এক বৃহৎ বজাৰৰ সৃষ্টি কৰিব। অসমৰ উদ্যান কৃষিখণ্ডৰ বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ তেওঁ কৃষকসকলক চাহিদাযুক্ত কৃষি সামগ্ৰীৰ উৎপাদন পাৰ্যমানে বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

জিলা ভ্ৰমণৰ সামৰণি মাৰি মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ কন্দলিৰ বৰকছাৰী গাঁৱত এক পৰম্পৰাগত ধানৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পথাৰত স্থানীয় কৃষক ৰাইজৰ সৈতে মত বিনিময় কৰি কৃষিমন্ত্ৰী হাজৰিকাই তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয়। তাৎক্ষণিক আৰু সৰ্বাংগীণ চৰকাৰী সাহায্য প্ৰদান কৰিব পৰাকৈ কৃষকসকলৰ অভাৱ-অভিযোগসমূহৰ নিয়মীয়া খতিয়ান ৰাখিবলৈ তেওঁ উপস্থিত বিভাগীয় বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে।

এই ভ্ৰমণকালত তেওঁৰ সৈতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁৱৰ জিলা আয়ুক্ত, উদ্যান শস্য বিভাগৰ সঞ্চালক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

You might also like