নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপৰ নকআউটত প্ৰথমবাৰৰ বাবে জয় লাভ কানাডাৰ

ফিফা বিশ্বকাপ ২০২৬ৰ নকআউট পৰ্যায়ত সহঃ আয়োজক কানাডাই ইতিহাস ৰচনা কৰিছে। সোমবাৰে অনুষ্ঠিত ৰাউণ্ড অৱ ৩২ৰ মেচত দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে স্থান নিশ্চিত কৰে কানাডাই।

মেচখনৰ ভাগ্য নিৰ্ধাৰণ কৰা গ’লটো আহে ইনজুৰি টাইমৰ ৯২ মিনিটত। মিডফিল্ডাৰ ষ্টিফেন ইউষ্টাকিঅই পেনাল্টী বক্সৰ বাহিৰৰ পৰা মৰা শক্তিশালী নিম্ন শ্বটে জয়সূচক গ’লটো কৰে।

কানাডা আৰু দক্ষিণ আফ্ৰিকা—দুয়ো দেশেই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত খেলিবলৈ নামিছিল। কিন্তু নিজৰ সুযোগক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নকআউট মেচত জয়ৰ সোৱাদ লাভ কৰে কানাডাই।

সমগ্ৰ মেচখনত কানাডাই বল দখল আৰু আক্ৰমণৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিছিল। যদিও দক্ষিণ আফ্ৰিকাই শক্তিশালী ৰক্ষণভাগেৰে মেচখন অতিৰিক্ত সময়লৈ নিবলৈ চেষ্টা কৰিছিল, ইউষ্টাকিঅ’ৰ অন্তিম মুহূৰ্তৰ গ’লে সকলো হিচাপ সলাই দিয়ে।

এই জয়ৰ ফলত কানাডাই অন্তিম ১৬ত স্থান নিশ্চিত কৰিছে। অহা শনিবাৰে হিউষ্টনত অনুষ্ঠিত হ’বলগীয়া মেচত মৰক্কো আৰু নেদাৰলেণ্ডছৰ মাজৰ বিজয়ী দলৰ বিৰুদ্ধে খেলিব কানাডাই।

ডিজিটেল ডেস্ক, ২৯ জুন

You might also like