নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ ধৰ্মানুষ্ঠানলৈ গৈ আলাই-আথানি বৰভাগৰ বৃদ্ধাৰ 

🔹 চৰকাৰক সহায়ৰ আহ্বান গাঁওবাসীৰ 
নিয়মীয়া বাৰ্তা,  ৪  মাৰ্চ : নলবাৰী জিলাৰ বৰভাগৰ উলাবড়ী গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ কৰুণ ঘটনাই সম্প্ৰতি গাঁওবাসীক মৰ্মাহত কৰি তুলিছে । ঘটনাৰ বিৱৰণী অনুসৰি, উলাবড়ী গাঁৱৰ বিধৱা মহিলা আইচেনা তালুকদাৰে (৭৫) যোৱা ২৪ জানুৱাৰীত গাঁওখনৰ অন্য চাৰিগৰাকী মহিলাৰ সৈতে ৰে’লযোগে প্ৰজাপিতা ব্ৰক্ষ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাজস্থানত থকা আবুধামলৈ গৈছিল। তেওঁলোকক সংগ দিছিল ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নলবাৰী জিলা কেন্দ্ৰই । ৰে’লত আইচেনা তালুকদাৰৰ বেগত থকা দহ হাজাৰ টকা নিশা টোপনিত থকা অৱস্থাত চোৰে লৈ উধাও হয় । পুৱা টকাখিনি নোহোৱাত লগৰ মহিলাকেইজনীয়ে তিনি হাজাৰ টকা দি সহায় কৰে । ১ ফেব্ৰুৱাৰীত গধূলি ৰাজস্থানৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ডাইমণ্ড হলৰ বাবাৰ মিলনত পাঠ গ্ৰহণ শেষ হোৱাৰ পিছত উঠি আহি তেওঁলোকৰ থকা ঠাই ব্ৰক্ষ্মলোকলৈ যাওঁতে কাৰ্পেটত পিছল খাই আইচেনা তালুকদাৰৰ কঁকালৰ হাড় ভাগে । লগে লগে এম্বুলেঞ্চেৰে হাস্পতালত ভৰ্তি কৰোৱা হয় । তাৰ পিছত তেওঁৰ কঁকালৰ অপাৰেচন কৰা হয় । বৰ্তমান তেওঁক হাস্পতালৰ পৰা নি হোটেলত ৰখা হৈছে । ইতিমধ্যে তেওঁৰ লগত যোৱা গাঁৱৰ অন্য চাৰিগৰাকী মহিলা ঘৰলৈ উভতি আহিছে । বৰ্তমান হাস্পতালৰ খৰচ প্ৰায় পাঁচ লাখ টকা হোৱা বুলি জানিব পৰা গৈছে। অতি দুখীয়া আইচেনা তালুকদাৰৰ বাবে এতিয়া চিকিৎসালয়ৰ বিল আদায় দি ঘৰলৈ উভতি অহাটো অসম্ভৱ হৈ পৰিছে । দুজন পুত্ৰ আছিল যদিও পাঁচ বছৰ আগতে ১৭ দিনৰ অগা-পিছাকৈ দুয়োজনৰে মৃত্যু হয় । আইচেনা তালুকদাৰে সৰু বোৱাৰী আৰু দুটা নাতি-নাতিনীৰ সৈতে কোনোমতে  জীৱন নিৰ্বাহ কৰি আছিল । কিন্তু ধৰ্মানুষ্ঠানলৈ গৈ এই দুৰ্ঘটনাত পতিত হোৱা মহিলাগৰাকীৰ  পৰিয়ালটো  অন্য এক  মহাবিপদৰ সন্মুখীন হয় । আইচেনা তালুকদাৰক ঘৰলৈ আনিবলৈ হ’লে বহু টকাৰ প্ৰয়োজন হোৱাৰ লগতে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক বিমানেৰে আনিব লাগিব । সেয়েহে পৰিয়ালৰ লগতে গাঁওবাসীয়ে প্ৰজাপিতা ব্ৰক্ষ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে মহিলাগৰাকীক নিজৰ ঘৰলৈ ওভতাই অনাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে।

 

প্ৰেৰক আবুল কাদেৰ আহমেদ

You might also like