নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিনায়কত্বক লৈ দুটা ভাগত বিভক্ত মুম্বাই ইণ্ডিয়ানছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ অধিনায়ক পদৰ পৰা ৰোহিত শর্মাক অপসাৰণ কৰি হার্দিক পাণ্ডিয়াক দলটোৰ নেতৃত্ব প্রদান কৰাৰ পিছৰে পৰা মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত চলি আছে বাদানুবাদ৷ পাঁচবাৰৰ চেম্পিয়ন দলটো বর্তমান দুটা ভাগত বিভক্ত হোৱা বুলি বাতৰি প্রচাৰ হৈছে৷ এফালে ৰোহিত শর্মা বাহিনী আৰু আনফালে হার্দিক পাণ্ডিয়া বাহিনী৷ ৰোহিত শর্মা বাহিনীত আছে যশপ্রীত বুমৰাহ, তিলক বার্মাকে ধৰি আনকেইজনমান খেলুৱৈ৷ আনহাতে পাণ্ডিয়াৰ পক্ষত আছে ঈশান কিশনৰ লগতে আন কেইজনমান খেলুৱৈ৷ দলটো এই দুভাগত বিভক্ত হোৱাৰ মূলতেই হ’ল চলিত আইপিএলৰ পূর্বে দলটোৰ অধিনায়কত্বৰ পৰিৱর্তন৷ বাতৰি অনুসৰি হার্দিক পাণ্ডিয়াই দলটোৰ স্বত্বাধিকাৰী নীতা আম্বানিৰ পৰা সমর্থন লাভ কৰিছে৷ চলিত আইপিএলত এতিয়ালৈকে দুখন মেচত ভাগ লৈছে যদিও দুয়োখন মেচতে খেলুৱৈসকলৰ একতা স্পষ্ট হোৱা নাই৷ বিশেষকৈ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ উপস্থিতিৰ পিছতো দুয়োখন মেচতে বুমৰাহৰ হাতত নতুন বল তুলি দিয়া নাছিল অধিনায়ক পাণ্ডিয়াই৷ প্রথমখন মেচত নিজে প্রথম অ’ভাৰ বল কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত দক্ষিণ আফ্রিকাৰ নৱাগত পেচ বলাৰ মাফাকাক প্রথম অ’ভাৰটোত বলিং কৰিবলৈ আমন্ত্রণ জনাইছিল৷ হার্দিকৰ এই সিদ্ধান্তক বহুকেইগৰাকী প্রাক্তন ক্রিকেটাৰৰ লগতে অনুৰাগীয়েও কঠোৰ সমালোচনাও কৰিছিল৷ মুম্বাই ইণ্ডিয়ানছৰ সমর্থকে হার্দিক পাণ্ডিয়াৰ অধিনায়কত্বক লৈ সন্দেহ প্রকাশ কৰিছে৷ পৰৱর্তী মেচকেইখনত তেওঁ দলটোক কেনেদৰে একত্রিত কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like