নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনকুবেৰ এচিএছৰ সম্পত্তিৰ তথ্য বিচাৰি অভিযানঃ চাইবুৰৰ সহযোগী আক্কাছ আফজল–আইনুলৰ ঘৰত তালাচী

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ কোটি কোটি টকা লুণ্ঠনেৰে পর্বতসম সম্পত্তি গোটোৱা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ–সচিব চাইবুৰ ৰহমানৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে লাভ কৰিছে নতুন নতুন তথ্য৷ যোৱা তিনি দিনত গুৱাহাটী আৰু বৰপেটাত সম্পত্তিৰ তথ্য বিচাৰি তালাচী চলোৱাৰ পাছত শনিবাৰে  পুনৰ চাইবুৰৰ ব্যৱসায়িক সংগীৰ সন্ধানত হাতীগাঁৱৰ সিজুবাৰীত চলিল অভিযান৷ চাইবুৰ ৰহমানক লগত লৈ তদাৰকী শাখাই তেওঁৰ ব্যৱসায়িক সংগী আক্কাছ আলীৰ ঘৰত অভিযান চলায়৷

উল্লেখ্য যে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কার্যনির্বাহ কৰাৰ সময়ত মাটিৰ ব্যৱসায়ত নামি পৰা চাইবুৰ ৰহমানৰ এইক্ষেত্রত সংগ দিছিল আক্কাছ আলীয়ে৷ বৰপেটা জিলাৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত মাটি ক্রয় কৰা আৰু বিক্রী কৰাৰ ক্ষেত্রত চাইবুৰ ৰহমানৰ সহযোগী আছিল আক্কাছ আলী৷ গেলামালৰ দোকানী ৰূপে জীৱিকা চলাই যোৱা আক্কাছ আলীয়ে চাইবুৰ ৰহমানৰ সৈতে ব্যৱসায় চলাই কম দিনৰ ভিতৰতে লাখপতি হোৱাই নহয়, এজন বিল্ডাৰ হিচাপেও প্রতিষ্ঠিত হৈছিল৷ উত্থাপিত অভিযোগ অনুসৰি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত মাটি বিক্রীৰ লগতে গৃহ নির্মাণত নামি পৰা এইজন আক্কাছ আলীয়ে বাংলাদেশতো গৃহ নির্মাণৰ ব্যৱসায় চলাইছিল৷

শনিবাৰে তদন্তকাৰী দলে হাতীগাঁৱৰ নদবমাত থকা আক্কাছ আলীৰ বাসগৃহত তালাচী চলাই মাটি ক্রয়–বিক্রয়ৰ কেইবাখনো দলিল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছতেই তদন্তকাৰী দলটোৱে সিজুবাৰীৰ মির্জাগালীব পথত থকা চাইবুৰ ৰহমানৰ ভনী–জোঁৱায়েকৰ ঘৰত তালাচী চলাই কিছু নথিপত্র উদ্ধাৰ কৰে৷ এই তালাচীৰ পাছতেই তদন্তকাৰী দলটোৱে চাইবুৰ ৰহমানৰ আন এজন সংগী আফজল হুছেইনৰ বাসগৃহত অভিযান চলায়৷ আক্কাছ আলীৰ দৰে আফজল হুছেইনো আছিল চাইবুৰ ৰহমানৰ ব্যৱসায়িক সংগী৷ মাটিৰ দালাল ৰূপে পৰিচিত আফজল হুছেইনে চাইবুৰ ৰহমানৰ মালিকানাধীন ভূমিৰ পাৱাৰ অৱ এটর্নী লৈ আনক বিক্রী কৰে৷ ইয়াৰ জৰিয়তে আফজল হুছেইনেও যোৱা সময়ছোৱাত বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷

আফজল হুছেইনৰ গৃহত চলোৱা তালাচীৰ পাছত চাইবুৰ ৰহমানক লৈ সিজুবাৰীস্থিত তেওঁ আন এজন সংগী আইনুল আলীৰ ঘৰতো অভিযান চলায়৷ পূর্বে ব্রহ্মপুত্র অশোকা হোটেলৰ কর্মচাৰী ৰূপে কার্যনির্বাহ কৰা আইনুল আলী বাধ্যকালীন অৱসৰৰ পাছত মাটি ক্রয়–বিক্রয়ত নামি পৰিছিল৷ মুখ্যতঃ চাইবুৰ ৰহমানৰ সহযোগী ৰূপে গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমি ক্রয়–বিক্রয়ত আগভাগ লৈছিল আইনুল আলীয়ে৷ এই মাটিৰ দালালৰ মূল কাম আছিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খালী হৈ থকা ভূমি চিনাক্ত কৰা আৰু চাইবুৰ ৰহমানক অৱগত কৰা৷

চিহ্ণিত হোৱা ভূমিখণ্ড চাইবুৰ ৰহমানে ক্রয় কৰি পৰৱর্তী সময়ত দুগুণ দামত বিক্রীৰ বাবে গ্রাহক বিচৰা কামত নিয়োজিত কৰিছিল আইনুল আলীক৷ কার্যতঃ যোৱা সময়ছোৱাত ক’লা ধন বগা কৰিবলৈ চাইবুৰ ৰহমানে গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ জিলাত যিবোৰ ভূমি ক্রয় কৰিছিল, তাত সহায় কৰিছিল আক্কাছ আলী, আফজল হুছেইন আৰু আইনুল আলীয়ে৷ শনিবাৰে অভিযানকালত তদাৰকী শাখাই তিনিওজন মাটিৰ দালালৰ ঘৰত কেইবাখনো ভূমি ক্রয়–বিক্রয়ৰ দলিল উদ্ধাৰ কৰাৰ লগতে এই দলিলসমূহত চাইবুৰ ৰহমানৰ নাম উল্লেখ থকাটো ধৰা পেলাবলৈ সক্ষম হয়৷

 

You might also like