নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ অসমীয়াক পিআৰচি প্রদানৰ দাবী আলফাৰ

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  অৰুণাচল প্রদেশত দীর্ঘবছৰ ধৰি বসবাস কৰি অহা অসমীয়া মৰাণ, দেউৰী, আহোম, কছাৰী, মিচিং আৰু আদিবাসী জনগোষ্ঠীৰ লেকসকল স্থায়ী বাসিন্দাৰ প্রমাণ–পত্র (পি আৰ চি) দিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী পেমা খাণ্ডুলৈ পত্র প্রেৰণ কৰিছে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷

পত্রত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষজনে উল্লেখ কৰিছে যে বৈচিত্র্যই পৃথিৱীৰ বহুতো ৰাষ্ট্রৰ ভেটি স্থাপন কৰিছে৷ কিছুমানে চৰম দৰিদ্রতাক অতিক্রম কৰি কর্মশক্তিৰ জৰিয়তে বহু বাধা আঁতৰাবলৈ সক্ষম হৈছে৷ অৰুণাচল প্রদেশে সদায়েই অসমীয়া লোকসকলৰ প্রতি নম্রভাবৰ পৰিচয় দি আহিছে৷ অৰুণাচলত থকা এই লোকসকল ভূমিপুত্র আৰু বংশানুক্রমে বসবাস কৰি আহিছে৷ কিন্তু এই লোকসকল এতিয়া ভাবুকিৰ সন্মুখীন হৈছে৷ এই অসমীয়া লোকসকল আৱাসিক প্রমাণ–পত্র লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে৷

সেয়েহে অসমীয়া এই লোকসকলক স্থায়ী বাসিন্দাৰ প্রমাণ–পত্র প্রদান কৰা হওক৷ অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুলৈ পত্রযোগে পৰেশ বৰুৱাই অসমীয়া পৰিয়ালসমূহ পৰম্পৰাগতভাৱে বাস কৰি অহা ঠাইৰ পৰা নিশ্চিহ্ণ যাতে হৈ নাযায়, তাৰ বাবে পি আৰ চি প্রদান কৰিবলৈ আহ্বান জনায়৷

You might also like