নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক প্রশাসনত আই এ এছ বিষয়াৰ পদোন্নতিঃ সমীৰ সিন্হালৈ জ্যেষ্ঠতম প্রধান সচিব পদ

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে এক নির্দেশযোগে ৰাজ্যিক প্রশাসনত নিয়োজিত হৈ থকা আই এ এছ বিষয়া পর্যায়ত কিছু পদোন্নতি দিছে৷ সেই অনুসৰি, বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাক অসম চৰকাৰৰ জ্যেষ্ঠতম প্রধান সচিবৰ মর্যাদা দিয়ে৷

সেইদৰে কৰ আয়ুক্ত তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোৱেল, উদ্যোগ আৰু বাণিজ্য, এক্ট ইষ্ট, পৰিবহণ, দক্ষতা বিকাশ বিভাগৰ আয়ুক্ত সচিব ড০ কৃষ্ণ কুমাৰ দ্বিবেদী, বৰাকৰ মাণ্ডলিক আয়ুক্ত তথা সমাজ কল্যাণ, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ, পর্যটন বিভাগৰ আয়ুক্ত সচিব মুকেশ চন্দ্র চাহুক ‘এবভ ছুপাৰ টাইম’ স্কেল প্রদান কৰি প্রধান সচিব হিচাপে পদোন্নতি দিয়ে৷

আনহাতে, কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি সঞ্চালক আকাশদ্বীপক ছুপাৰ টাইম স্কেল প্রদান কৰা হৈছে৷ ইপিনে, এ আৰ আই এ এছ ছ’চাইটী আৰু আৰবান ইনফ্রাষ্ট্রাকচাৰ ইনভেষ্টমেণ্ট ছ’চাইটীৰ প্রকল্প সঞ্চালক বিনোদ ছেছান, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন, হস্ততাঁত–বস্ত্রশিল্প বিভাগৰ সচিব আর্টিকা চুলতানা, ভূমি সংৰক্ষণ, সচিবালয় প্রশাসন বিভাগৰ সচিব মজনুৰ হুছেইন, উচ্চ শিক্ষা বিভাগৰ সচিব ড০ দীপক মজুমদাৰক ছিলেকচন গ্রেডলৈ পদোন্নতি দিয়া হৈছে৷

সেইদৰে গোসাঁইগাঁৱৰ মহকুমাধিপতি পল্লৱী সৰকাৰ, ধনশিৰিৰ মহকুমাধিপতি দিবাকৰ নাথ আৰু বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱক ছিনিয়ৰ টাইম স্কেল প্রদান কৰি অতিৰিক্ত উপায়ুক্ত পর্যায়লৈ পদোন্নতি দিয়া হৈছে৷

ইফালে, বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ, অৱসৰপ্রাপ্ত আই এ এছ বিষয়া সুভাষ চন্দ্র দাসে কালি চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰাৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ অৱসৰপ্রাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক সেই পদত নিযুক্তি দিয়া হয়৷

You might also like