নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ নতুন প্রধান সচিব সমীৰ সিন্হা

নিয়মীয়া বাৰ্তা ১১ মেঃ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলা, ১৯৯৪ৰ আইএএছ বিষয়া সমীৰ কুমাৰ সিন্হাক মুখ্যমন্ত্রীৰ নতুন প্রধান সচিব হিচাপে নিযুক্তি দিয়া হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শপত গ্রহণ কৰাৰ পাছতেই বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ প্রধান সচিব তথা নতুন দিল্লীৰ অসম ভৱনৰ অতিৰিক্ত প্রধান আৱাসিক আয়ুক্ত সমীৰ কুমাৰ সিন্হাক ৰাজ্য চৰকাৰে এক নির্দেশযোগে মুখ্যমন্ত্রীৰ প্রধান সচিব হিচাপে নিযুক্তি দিয়ে৷ সিন্হাক মুখ্যমন্ত্রীৰ প্রধান সচিবৰ লগতে বিত্ত বিভাগৰ প্রধান সচিব আৰু নতুন দিল্লীৰ অসম ভৱনৰ অতিৰিক্ত প্রধান আৱাসিক আয়ুক্তৰ দায়িত্ব অতিৰিক্তভাৱে অর্পণ কৰা হয়৷ আনহাতে, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা পৱন কুমাৰ বৰঠাকুৰক ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বদলি কৰা হৈছে৷

ইপিনে, সোবাৰে মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই জিএমচিএইচলৈ গৈ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণ কৰি সন্ধিয়াৰ ভাগত ড০ শর্মা গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ কার্যালয় কেশৱ ধামত উপস্থিত হয়৷ কেশৱ ধামত মুখ্যমন্ত্রী ড০ শর্মাই প্রায় ৪৫ মিনিট সময় সংঘৰ শীর্ষ পদাধিকাৰী ক্রমে উল্লাহ কুলকার্নি, সুনীল দেশপাণ্ডে, সুনীল মহান্তি, বশিষ্ঠ বুজৰবৰুৱা, নৃপেন বর্মনকে ধৰি কেইবাজনো নেতাৰ লগত আলোচনাত মিলিত হয়৷

You might also like